নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিগবৈত সুলভ মূল্য চাউলৰ চোৰাং বেহা : ৩৪ বস্তা অবৈধ চাউল গুদামৰ পৰা জব্দ

নিয়মীয়া বাৰ্তা, ৩১ মে : ডিগবৈ বৰবিল সমবায় সমিতিৰ অন্তৰ্গত এচাম বিতৰকে (এজেণ্ট) ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ যোগেদি দুখিয়া পৰিয়াললৈ অহা সুলভ মুল্যৰ চাউল কৌশলেৰে দীৰ্ঘদিন ধৰি আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে। সমিতিখনৰ নতুনকৈ দ্বায়িত্ব লোৱা সভাপতি ধনঞ্জয় মাহাতুৱে গোপন সূত্ৰৰ ভিত্তিত এজেণ্ট ৰামেশ্বৰ গুপ্তাৰ গুদামত অভিযান চলাই অবৈধ ভাৱে মজুত ৰখা ৩৪ বেগ চাউল জব্দ কৰে। উল্লেখ্য যে মে মাহৰ চাউল বিতৰণ কৰিবলৈ এজেণ্ট ৰামেশ্বৰ গুপ্তাই বহু দিনৰ পূৰ্বে সমবায় সমিতি খনৰ পৰা চাউল সমূহ সংগ্ৰহ কৰিছিল। কিন্তু আজি মাহটোৰ শেষ হবলৈ মাজত মাত্ৰ এটা দিন বাকী থকা সময়ত এতিয়াও ৩৪ বেগ চাউল গুদামত মজুত থকাতো কেতিয়াও গ্ৰহণ যোগ্য নহয়। গতিকে সন্দেহ ওপজাত সমবায় সমিতি খনৰ সভাপতি ধনঞ্জয় মাহাতুৱে ডিগবৈ আৰক্ষীক লিখিত ৰূপে জনোৱাত আৰক্ষীয়ে চাউলখিনি জব্দ কৰে। কেইজনমান গ্ৰাহকক দিবলৈ বাকী থকা বুলি কোৱাত আৰক্ষীয়ে ৩৪ বেগৰ ভিতৰত ২৬ বেগ চাউল জব্দ কৰে। সভাপতি ধনঞ্জয় মাহাতুৱে জনোৱা মতে এজেণ্টজনৰ গুদামত ইমান সংখ্যক চাউল মজুত থকাতো আইন বিৰোধী। কৌশলেৰে এজেণ্ট ৰামেশ্বৰে নিদিষ্ট পৰিমানৰ গ্ৰাহকৰ উপৰিও অধিক চাউল সমবায় সমিতিখনৰ পৰা লৈ যায়। বাকী অতিৰিক্ত চাউল এজেণ্টে অধিক দামত বজাৰত বিক্ৰী কৰে। এই চোৰাং বেহাত সমবায় সমিতি খনৰ প্ৰাক্তন সভাপতি তথা হাপজান ব্লক কংগ্ৰেছৰ বৰ্তমানৰ সম্পাদক বিনোদ খাৰিয়া জড়িত থকাৰ অভিযোগ তুলিছে বৰ্তমানৰ সভাপতি ধনঞ্জয় মাহাতুয়ে। বিগত প্ৰায় বিশ বছৰে ডিগবৈ বৰবিল সমবায় সমিতি খনক খীৰতি গাইৰ দৰে ব্যৱহাৰ কৰি অগাধ সম্পত্তিৰ পাহাৰ গঢ়ি তোলা বিনোদ খাৰিয়াৰ জালিয়তি সন্দৰ্ভত ডিগবৈৰ এগৰাকী সচেতন ব্যক্তিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী, যোগান মন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধান আৰু জিলা উপায়ুক্তলৈও অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিল বুলি জানিব পৰা গৈছে। গতিকে সমগ্ৰ ঘটনাটোৰ তদন্তৰ পোষকতা কৰিছে বৰ্তমানৰ সভাপতি মাহাতুৱে। তদুপৰি সমবায় সমিতিখনৰ ভিতৰ চৰাত পূৰ্বৰে পৰা বহু অনিয়ম হৈ থকা বুলিও অভিযোগ কৰে বৰ্তমানৰ সভাপতি জনে। এতিয়া যোগান বিভাগৰ বিষয়াসকলে তদন্ত কৰি দোষীক ধৰা পেলাব নে ঘটনাটো গাপ দিব সেইয়া সময়তহে জানিব পৰা যাব। অধিক তথ্য আহৰণৰ বাবে ডিগবৈ আৰক্ষীৰ তদন্ত বৰ্তমানেও অব্যাহত আছে। Photo

প্ৰেৰক ৰমণী বুঢ়াগোহাঁই

You might also like