নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৱাসিক বিদ্যালয়ত সংঘটিত অগ্নিকাণ্ডত ১৭ শিশুৰ মৃত্যু

বিশেষ বাৰ্তা, ৬ ছেপ্টেম্বৰ : আফ্রিকান ৰাষ্ট্র কেনিয়াৰ এখন আৱাসিক বিদ্যালয়ত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত কমপক্ষেও ১৭টা শিশুৰ মৃত্যু হৈছে৷ কালি  এই অগ্নিকাণ্ডক কেন্দ্র কৰি সমগ্র অঞ্চলটোত শোকৰ ছাঁ পৰে৷ মৃত্যু হোৱা শিশুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে আৰক্ষীয়ে৷ অন্য ১৫টা শিশু গুৰুতৰভাৱে আহত হৈছে এই অগ্ণিকাণ্ডত৷ আহত শিশুসকলক হাস্পতালত চিকিৎসা প্রদান কৰি থকা হৈছে৷ নায়েৰি কাউণ্টিৰ হিলছাইড এণ্ডাৰাছা একাডেমী নামৰ প্রাথমিক বিদ্যালয়খনত সংঘটিত এই অগ্ণিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই৷ লক্ষণীয়ভাৱে দেশখনৰ ৰাষ্ট্রপতি উইলিয়াম ৰুটোৱে এই অগ্ণিকাণ্ডক ভয়াৱহ আৰু বিধ্বংসী বুলি অভিহিত কৰিছে৷ এই ঘটনা সন্দর্ভত ৰাষ্ট্রপতিয়ে এক তদন্তৰো নির্দেশ দিছে৷ অগ্ণিকাণ্ডৰ ঘটনাত কোনো লোক জড়িত বুলি প্রমাণিত হ’লে কঠোৰ শাস্তি প্রদান কৰা হ’ব বুলিও ৰাষ্ট্রপতি ৰুটোৱে সংবাদ মাধ্যমক জনাইছে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি ইতিমধ্যে এই ঘটনা সন্দর্ভত তদন্ত আৰম্ভ কৰা হৈছে৷ কালি অগ্ণিকাণ্ডৰ সময়ত আৱাসিক বিদ্যালয়খনত উপস্থিত আছিল ডেৰ শতাধিক শিশু–শিক্ষার্থী ৷ আৰক্ষীৰ মুৰব্বী পায়াছ মুৰুগুৱে সংবাদ মাধ্যমক জনোৱা অনুসৰি, জুই অতি ক্ষিপ্রগতিত বিয়পি পৰিছিল৷ কাৰণ বিদ্যালয়খনত প্রাসাদবোৰ মূলতঃ কাঠ আৰু বাঁহেৰে নির্মিত আছিল৷ উল্লেখনীয় যে মৃত্যু হোৱা শিশুসকলৰ দেহ চিনাক্ত কৰিব পৰা অৱস্থাত নাই৷

You might also like