পণ্টিং-ধোনীক অতিক্রম : অষ্ট্রেলিয়াৰ অধিনায়ক লেনিঙৰ বিশ্বকাপ জয়ৰ হেটট্রিক
বিশেষ বাৰ্তা, ২৮ ফেব্রুৱাৰীঃ ষষ্ঠবাৰৰ বাবে টি–২০ বিশ্বকাপ জয় কৰি ইতিহাস সৃষ্টি কৰিছে অষ্ট্রেলিয়াৰ মহিলা ক্রিকেট দলে৷ এয়া এক বিশ্ব অভিলেখ৷ এই বিজয়ৰ লগে লগে দলটোৰ অধিনায়ক মেগ লেনিঙেও ব্যক্তিগতভাৱে আন এক অভিলেখ গঢ়ে৷ পুৰুষ আৰু মহিলা মিলাই দুই বিভাগৰ ক্রিকেটত আটাইতকৈ বেছি আই চি চি ট্রফী জয় কৰাৰ অভিলেখ গঢ়িলে তেওঁ৷ অতিক্রম কৰিলে ৰিকি পণ্টিং আৰু মহেন্দ্র সিং ধোনীক৷ একেৰাহে তৃতীয়বাৰৰ বাবে টি–২০ বিশ্বকাপ জয় কৰিছে অষ্ট্রেলিয়াই৷ মাজতে কমনৱেলথ গেমছতো চেম্পিয়ন হৈছে দলটো৷ লেনিঙে ইয়াকে লৈ পাঁচবাৰ আই চি চি ট্রফী জয় কৰিলে৷ তেওঁ ২০১৪, ২০১৮, ২০২০ আৰু ২০২৩ত টি–২০ বিশ্বকাপ জয় কৰাৰ উপৰি ২০২২ত দখল কৰিছে এদিনীয়া বিশ্বকাপৰ খিতাপ৷ কমনৱেলথত স্বর্ণ বিজয়ী অষ্ট্রেলিয়া দলৰো অধিনায়ক আছিল তেওঁ৷ পুৰুষৰ ক্রিকেটত পণ্টিঙে চাৰিখন আই চি চি ট্রফী দখল কৰিছে৷ ইয়াৰ বিপৰীতে ধোনীয়ে তিনিবাৰ এই ট্রফী জয় কৰিছে৷