নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংসদ ভৱনত সংঘটিত ধর্ষণক লৈ উত্তাল অষ্ট্রেলিয়া

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ অষ্ট্রেলিয়াৰ সংসদ ভৱনত সংঘটিত এক ধর্ষণৰ ঘটনাক লৈ বিগত ১৫ দিন ধৰি দেশখনৰ ৰাজনীতি উত্তাল হৈ আছে৷ শাসকীয় লিবাৰেল পার্টীৰ উপদেষ্টা ব্রিটানী হিগিনছে অভিযোগ কৰিছে যে ২০১৯ চনত চৰকাৰৰ মন্ত্রী এগৰাকীৰ কার্যকালত তেওঁক পুৰুষ সতীর্থ এগৰাকীয়ে শাৰীৰিকভাৱে অপদস্থ কৰাৰ উপৰি বলাৎকাৰ কৰিছিল৷ ব্রিটানীৰ এই কাহিনী সংবাদ মাধ্যমত প্রকাশ পোৱাৰ লগে লগে কেইবাগৰাকীও মহিলাই সংসদৰ ভিতৰত যৌন নির্যাতনৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰিছে৷

ইয়াৰ ভিতৰত ১৯৮৮ চনত এগৰাকী কেবিনেট মন্ত্রীয়ে মহিলা সাংসদ এগৰাকীক কেইবাদিনো ধর্ষণ কৰাৰ অভিযোগে সৃষ্টি কৰিছে চাঞ্চল্য৷ প্রধানমন্ত্রী স্কট মৰিছনে দেশখনক লজ্জানত কৰা এই পৰিস্থিতিৰ মাজতে সাংসদকেইগৰাকীয়ে ধর্ষণৰ অভিযোগ অস্বীকাৰ কৰা বুলি সদৰী কৰিছে৷ প্রধানমন্ত্রী মৰিছনৰ এই বক্তব্যৰ পিছত পুনৰ উত্তাল হৈছে দেশখন৷

You might also like