নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিয়ালসহ নির্বাচন বর্জনৰ হুংকাৰ গৃহৰক্ষীৰ

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ নিজৰ দাবীত অটল আছে ৰাজ্যৰ গৃহৰক্ষীসকল৷ অসম গৃহৰক্ষী আইন–১৯৪৭খন বর্তমান সময়োপযোগী হোৱাকৈ সংশোধন কৰি গৃহৰক্ষীসকলৰ চাকৰি নিয়মীয়া কৰাকে ধৰি আন কেইবাটাও দাবীৰ সমর্থনত আজি দ্বিতীয় দিনাও কর্মবিৰতি পালন কৰে৷ সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ কার্যকৰী সভাপতি মৃণাল দাস, সভাপতি ৰঞ্জিত লুইং, সম্পাদক চাহবউদ্দিন আহমেদ আৰু সদৌ অসম প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী সন্থাৰ সভাপতি কামাখ্যা দাস, সম্পাদক ইক্রাম আলীৰ আহ্বানমর্মে গৃহৰক্ষীসকলে কালিৰ পৰা উক্ত দাবীৰ সমর্থনত কর্মবিৰতি পালন কৰে৷ সংগঠন দুটাৰ বিষয়ববীয়াসকলে জনোৱা মতে এই কর্মবিৰতি আজি পুৱা ৬ বজালৈ অব্যাহত থাকিব৷ ইয়াৰ পাছতো চৰকাৰে সন্থা দুটাৰ দাবী মানি নল’লে ২৭ হাজাৰ গৃহৰক্ষীয়ে আগন্তুক অসম বিধানসভাৰ নির্বাচনী দায়িত্ব বর্জন কৰিব৷ এইদৰে চৰকাৰক হুংকাৰ দিয়ে সংগঠন দুটাৰ বিষয়ববীয়াসকলে৷ তেওঁলোকে লগতে কয় – আমাৰ দাবী নায্য দাবী৷ এই দাবীত গৃহৰক্ষীসকলে ধাৰাবাহিকভাৱে আন্দোলন কৰি আহিছে৷ ইয়াৰ পাছতো চৰকাৰে গৃহৰক্ষীসকলৰ সমস্যা সমাধানৰ বাবে কোনো পদক্ষেপ গ্রহণ নকৰিলে৷ অসম আৰক্ষীৰ জোৱানসকলৰ দৰে গৃহৰক্ষীসকল ৰাজ্যৰ আইন–শৃংখলা নিয়ন্ত্রণৰ কামত নিষ্ঠাৰে নিয়োজিত হৈ আহিছে৷ আৰক্ষী জোৱানসকলৰ সমানে গৃহৰক্ষীসকলে কর্তব্য সম্পাদন কৰি আহিছে যদিও আৰক্ষীৰ সম হাৰত গৃহৰক্ষীসকলক দৰমহা দিয়া নহয়৷ গৃহৰক্ষীসকলৰ চাকৰিও নিয়মীয়া নহয়৷ এনে পৰিস্থিতিত দুয়োটা সন্থাই অসম গৃহৰক্ষী আইন–১৯৪৭খন বর্তমান সময়োপযোগী হোৱাকৈ সংশোধন কৰি গৃহৰক্ষীসকলৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত সোমবাৰৰ পৰা ৰাজ্যজুৰি কর্মবিৰতি পালন কৰে৷ উল্লেখ্য যে সংগঠন দুটাৰ আন দাবীকেইটা হ’ল– গৃহৰক্ষীৰ কর্তব্যত অনলাইন নিযুক্তি বন্ধ কৰা, উচ্চতম ন্যায়ালয়ৰ নির্দেশ অনুসৰি আৰক্ষীৰ দৰে গৃহৰক্ষীসকলে কৰা সম কামৰ সম হাৰত দৰমহা দিয়া আদি৷
গোৱালপাৰাত গৃহৰক্ষী জোৱানৰ কর্মবিৰতি
গৃহৰক্ষী জোৱানৰ দাবীসমূহ সমাধান নকৰিলে আগন্তুক বিধানসভা নির্বাচন বর্জন কৰিব গৃহৰক্ষী জোৱানসকলে৷ লগতে অসমৰ ২৭ হাজাৰ গৃহৰক্ষী জোৱানৰ পৰিয়ালো ভোটদানৰ পৰা বিৰত থাকিব৷ –এই হুংকাৰ গোৱালপাৰা জিলা প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী জোৱান সন্থাৰ সভাপতি প্রভাত চন্দ্র দাসৰ৷ সদৌ অসম প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী সন্থাৰ গোৱালপাৰা জিলা সমিতিয়ে কালিৰে পৰা দুদিনীয়াকৈ কর্মবিৰতি কার্যসূচী ৰূপায়ণ কৰিছে৷ গোৱালপাৰা জিলা প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী বাহিনীয়ে কালিৰে পৰা ৰাজ্যিক কমিটীৰ নির্দেশমর্মে কর্মবিৰতি পালন কৰিছে৷ কর্মবিৰতিৰ মঙলবাৰে অন্তিম দিনা গোৱালপাৰা জিলা প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী জোৱানসকলে সন্থাৰ কার্যালয় চৌহদত একগোট হৈ হাতে হাতে বিভিন্ন দাবীসম্বলিত প্লেকার্ড লৈ অৱস্থান কৰে৷ সংবাদ মাধ্যমৰ আগত গোৱালপাৰা জিলা প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী জোৱান সন্থাৰ সভাপতি প্রভাত চন্দ্র দাসে কয়– প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী জোৱানসকলে বছৰ বছৰ ধৰি অৱহেলিত হৈ আহিছো৷ এতিয়া আমাক ন্যায় লাগে৷ আমাৰ দাবীসমূহ সমাধান নকৰিলে আগন্তুক বিধানসভা নির্বাচন বর্জন কৰিব গৃহৰক্ষী জোৱানসকলে৷ লগতে অসমৰ ২৭ হাজাৰ গৃহৰক্ষী জোৱানৰ পৰিয়ালেও ভোটদানৰ পৰা বিৰত থাকিব৷ লগতে গৃহৰক্ষী জোৱান সন্থাৰ সম্পাদক আব্দুল হাকিমে কয়– আমাৰ দাবীসমূহ সমাধান নকৰিলে আমি গণতান্ত্রিক অধিকাৰ ভোটদানৰ পৰা বিৰত থাকিম৷ কিয়নো আমি বছৰ বছৰ ধৰি আমাৰ ন্যায্যপ্রাপ্তিৰ বাবে আন্দোলন কৰি আহিছেছা যদিও আজিলৈ কোনো সমাধান নহ’ল৷ যদি আগন্তুক নির্বাচনৰ পূর্বে আমাৰ দাবীসমূহ সমাধান নহয়, তেন্তে অসমৰ ২৭ হাজাৰ গৃহৰক্ষী জোৱানসহ পৰিয়াল ভোটদানৰ পৰা বিৰত থকাৰ লগতে জংগী আন্দোলনৰ কার্যসূচী হাতত ল’বলৈ বাধ্য হ’ম৷

উল্লেখ্য যে ১৯৪৭ চনৰ গৃহৰক্ষী আইনৰ সময়ৰ উপযোগী হোৱাকৈ প্রয়োজনীয় সংশোধন ঘটাই প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী জোৱানসকলৰ চাকৰি নিয়মীয়াকৰণৰ ব্যৱস্থা কৰক, অসমৰ গৃহৰক্ষী জোৱানসকলক ভাৰতবর্ষৰ আন আন ৰাজ্যসমূহৰ লগত সংগতি ৰাখি উচ্চতম ন্যায়ালয়ে প্রদান কৰা সমান কামৰ সমান দৰমহা মাহিলি নূ্যনতম ১৮,০০০ পৰা ২১,০০০ টকা আদায় দিয়ক, কর্তব্যৰত অৱস্থাত জোৱানৰ মৃত্যু ঘটিলে ৰাজ্য চৰকাৰৰ কর্মচাৰীৰ লেখীয়াকৈ পৰিয়ালক আর্থিক সাহায্য প্রদান, ৰাজ্যখনৰ গৃহৰক্ষী জোৱনসকলৰ মকৰলৰ ক্ষেত্রত বর্তমানৰ প্রচলিত নিয়ম অনুসৰি হোমগার্ড ডিজিটেল ‘ডেপ্লয়মেণ্ট ছিষ্টেম’ হয় বাতিল কৰক নহ’লে উন্নীতকৰণৰ ব্যৱস্থা গ্রহণ কৰক আদি দাবীত কর্মবিৰতি কার্যসূচী ৰূপায়ণ কৰিছে৷
নির্বাচন বর্জন কৰাৰ ভাবুকি বঙাইগাঁও জিলা গৃহৰক্ষী বাহিনীৰ
আগন্তুক বিধানসভা নির্বাচন বর্জন কৰাৰ ভাবুকি প্রদান কৰিছে সদৌ অসম প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী সন্থাৰ বঙাইগাঁও জিলা সমিতিয়ে৷ বৃহত্তৰ বঙাইগাঁও প্রেছ ক্লাবত সন্থাই সংবাদ মেলত কয় যে গৃহৰক্ষী বাহিনীৰ জোৱানসকল আজি সকলো দিশতে উপেক্ষিত হৈ আছে৷ আকাশলংঘী মূল্যবৃদ্ধিৰ সময়ছোৱাত প্রতিদিনে মাথোঁ ৩০০ টকা পাৰিশ্রমিকেৰে মাহিলি ৯ হাজাৰ টকা লাভ কৰা গৃহৰক্ষীসকলে নিজৰ পৰিয়ালকে ভৰণ–পোষণ দিব পৰা নাই৷ ইয়াৰ বাবে জোৱানসকল অসুস্থ হ’লে উপযুক্ত চিকিৎসা কৰিব পৰা নাই, নিজৰ সন্তানসকলোকো ভাল বিদ্যালয়ত শিক্ষা দিব পৰা নাই৷ ৰ’দ–বৰষুণকো নেওচি কঠোৰ পৰিশ্রম কৰি নিজৰ দায়িত্ব পালন কৰি অহা এই গৃহৰক্ষীসকলৰ হাজিৰা দিন মজুৰি হাজিৰা কৰা এজন ব্যক্তিতকৈও কম৷ গতিকে গৃহৰক্ষীসকলে আজিৰ দিনত জীয়াই থকাটোৱেই সম্ভৱ হোৱা নাই৷ সংবাদ মেলত তিনিটা দাবীও উত্থাপন কৰা হয়৷ দাবী তিনিটা হৈছে অসম গৃহৰক্ষী জোৱানসকলৰ চাকৰি নিয়মীয়াকৰণ, উচ্চতম ন্যায়ালয়ৰ নির্দেশমর্মে সমান কামৰ সমান দৰমহা প্রদান আৰু গৃহৰক্ষী জোৱানসকলৰ ক্ষেত্রত অনলাইন ডেপ্লয়মেণ্ট পদ্ধতি বন্ধ কৰা৷ এই দাবী তিনিটা মানি নল’লে অসম গৃহৰক্ষী বাহিনীয়ে আগন্তুক বিধানসভা নির্বাচন বর্জন কৰাৰ ভাবুকি দিয়ে৷ সংবাদ মেলত সদৌ অসম প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী সন্থাৰ বঙাইগাঁও জিলা সভাপতি ফজিলুৰ হক, সাধাৰণ সম্পাদক লোহিত কলিতা, উপদেষ্টা বছিতুল্লা আহমেদ আৰু ৰাজ্যিক প্রচাৰ সম্পাদক জহিৰুল ইছলাম উপস্থিত থাকে৷
ৰঙিয়াত গৃহৰক্ষী বাহিনীৰ অসহযোগ আন্দোলন, চাকৰি নিয়মীয়াকৰণ–সমান্ কামৰ সম হাৰত দৰমহাৰ দাবী
ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে ৰঙিয়াতো আজি প্রশিক্ষণপ্রাপ্ত গৃহৰক্ষী জোৱানসকলে অসহযোগ আন্দোলনেৰে প্রতিবাদ সাব্যস্ত কৰে৷ কালিৰ পৰা দুদিন ধৰি কর্মৰ পৰা বিৰত থাকে ৰঙিয়া থানাৰ লগতে ৰঙিয়া ষ্টেচনস্থিত জিআৰপি থানাৰ গৃহৰক্ষী জোৱানসকল৷ চাকৰি নিয়মীয়াকৰণ, উচ্চতম ন্যায়ালয়ৰ নির্দেশমর্মে সমান কামৰ সমান দৰমহা দিয়াৰ দাবী জনায় উক্ত প্রতিবাদকাৰীয়ে৷ লগতে চিকিৎসা ব্যৱস্থা কৰা, গৃহৰক্ষী জোৱানসকলৰ মকৰলৰ ক্ষেত্রত অনলাইন ডেপ্লয়মেণ্ট ছিষ্টেম অনতি পলমে বন্ধ কৰা আদিৰো দাবী উত্থাপন কৰে৷ বহু গৃহৰক্ষী জোৱানে ২০–২৫ বছৰ ধৰি কাম কৰাৰ পাছতো আজিলৈকে চাকৰি নিয়মীয়া কৰা হোৱা নাই৷ ৰ’দে–বতাহে দিন–ৰাতি একাকাৰ কৰি গুৰুত্বপূর্ণ দায়িত্ব পালন কৰি অহা ৰাজ্যৰ ২৭ হাজাৰ গৃহৰক্ষী জোৱানক চৰকাৰে চৰম প্রতাৰণা কৰা বুলিও প্রতিবাদকাৰীসকলে ক্ষোভ প্রকাশ কৰে৷

You might also like