নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনত নতুনকৈ ধনকুবেৰ হ’ল ২৫৯জন

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ  ক’ভিড–১৯ মহামাৰীৰ মাজত বিগত বর্ষটোত চীনৰ বহু নিযুত কর্মী চৰম বিত্তীয় সংকটৰ সন্মুখীন হোৱাৰ বিপৰীতে দেশখনত ২৫৯গৰাকীয়ে নতুনকৈ সম্পদৰ সাম্রাজ্য গঢ়িবলৈ সক্ষম হৈছে৷ অর্থাৎ মাত্র এটা বর্ষত চীনত ধনকুবেৰৰ তালিকাত সংযোজিত হৈছে অন্য ২৫৯গৰাকী ধনাঢ়্য ব্যক্তি৷

সমগ্র বিশ্বৰ তুলনাতেই বর্ষটোত আটাইতকৈ বেছি ধনাঢ়্য ব্যক্তি সৃষ্টি হৈছে চীনত৷ হুৰুণ গ্ল’বেল ৰিচ্চ লিষ্টত ২৫৯গৰাকী এই নতুন ধনকুবেৰৰ জৰিয়তে চীনে বিলিয়ন ডলাৰ ক্লাবৰ পূর্বৰ অভিলেখ ভংগ কৰিছে৷ এতিয়া দেশখনত মুঠ ধনকুবেৰ বিলিয়নেয়াৰৰ সংখ্যা হৈছে ১,০৫৮গৰাকী৷ প্রথমবাৰলৈ ধনকুবেৰৰ তালিকাত ১০০০ৰ সংখ্যা অতিক্রম কৰিছে চীনে৷ ইয়াৰ বিপৰীতে আমেৰিকাত যোৱা বর্ষটোত নতুনকৈ ৭০গৰাকী ধনকুবেৰৰ সৃষ্টি হৈছে৷ এতিয়ালৈকে আমেৰিকাত ধনকুবেৰ বিলিয়নেয়াৰৰ সংখ্যা হৈছে ৬৯৬গৰাকী৷

You might also like