নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাহিৰ কোহলি-ৰোহিত : আইচিচি টেষ্ট ৰেংকিঙৰ শীৰ্ষত তিনি অষ্ট্ৰেলিয়ান বেটাৰ

বিশেষ বাৰ্তা, ১৪ জুনঃ শীৰ্ষৰ পৰা বাহিৰ কিং কোহলি। অষ্ট্ৰেলিয়াৰ আধিপত্যত আইচিচি টেষ্ট ৰেংকিঙৰ বেটাৰ শাখাৰ। শীৰ্ষৰ তিনি স্থানতে অভিলেখ অষ্ট্রেলিয়ান বেটাৰৰ৷ সুদীর্ঘ ৩৯ বছৰৰ পাছত অষ্ট্রেলিয়াৰ তিনি বেটাৰে আইচিচি ৰেংকিঙৰ বেটাৰ শাখাৰ প্রথম তিনিটা স্থান অধিকাৰ কৰে৷ আইচিচিৰ ঘোষিত ৰেংকিঙৰ বেটাৰ শাখাত অষ্ট্রেলিয়াৰ মার্নাছ লাবুচানেই ৯০৩ ৰেটিং পইণ্টেৰে শীর্ষ স্থানটো অক্ষুণ্ণ ৰাখে৷ ষ্টিভেনছ স্মিথে ৮৮৫ পইণ্টেৰে দ্বিতীয় আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰা অষ্ট্রেলিয়াৰে ট্রেভিছ হেডে ৮৮৪ পইণ্টেৰে তৃতীয় স্থানটো অধিকাৰ কৰে৷ ইয়াৰ পূর্বে ১৯৮৪ চনত ৱেষ্ট ইণ্ডিজৰ গর্ডন গ্রীনিজ, ক্লাইভ লয়ড আৰু লেৰী গ’মেছে আইচিচি টেষ্ট ৰেংকিঙৰ বেটাৰ শাখাৰ প্রথম তিনিটা স্থান দখল কৰিছিল৷ ইফালে বেটাৰ শাখাত নিউজিলেণ্ডৰ কেন উইলিয়ামছনে ৮৮৩ ৰেটিং পইণ্টেৰে চতুর্থ স্থানত আছে৷ ইফালে টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলি আৰু ৰোহিত শর্মাই শীর্ষ ১০ত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল৷ বেটাৰ তালিকাৰ শীর্ষ ১০ত স্থান লাভ কৰা একমাত্র ভাৰতীয় খেলুৱৈগৰাকী হ’ল ঋষভ পণ্ট৷ ইফালে বিশ্ব টেষ্টৰ ফাইনেলৰ পৰা বাদ পৰিলেও ভাৰতৰ তাৰকা স্পীনাৰ ৰবিচন্দ্রন অশ্বিনে বলিং শাখাৰ শীর্ষ স্থানটো নিজৰ দখলতে ৰাখিছে৷ আনহাতে অলৰাউণ্ড শাখাৰ প্রথম দুটা স্থান টীম ইণ্ডিয়াৰ ৰবীন্দ্র জাদেজা আৰু ৰবিচন্দ্রন অশ্বিনে নিজৰ দখলতে ৰাখিছে৷

You might also like