‘হাৰ্ট লেম্প’ গ্ৰন্থৰ বাবে বানু মুস্তাক -লৈ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা
🔹 ইতিহাস ৰচিলে ভাৰতৰ বানু মুস্তাকে
নিউজ ডেস্ক, ২২ মে’ : ভাৰতৰ কানাড়া লেখিকা বানু মুস্তাক -এ লাভ কৰিলে বিশ্ব সাহিত্যৰ অন্যতম শ্রেষ্ঠ সন্মান আন্তর্জাতিক বুকাৰ বঁটা–২০২৫ ৷ কানাড়া ভাষাত ৰচিত ১২টা চুটিগল্পৰ সংকলন দীপা ভাস্থিয়ে অনুবাদ কৰা ‘হার্ট লেম্প’ৰ বাবে ২০২৫ বর্ষৰ আন্তর্জাতিক বুকাৰ বঁটা লাভ কৰিলে কানাড়া লেখিকা, অধিবক্তা, সমাজকর্মী বানু মুস্তাক-এ ৷
দক্ষিণ ভাৰতত জীৱন যাপন কৰা মুছলিম মহিলাৰ জটিলতাক লৈ ৰচনা কৰা ১২টা গল্প সন্নিৱিষ্ট সংকলনখনৰ গল্পসমূহ ১৯৯০ চনৰ পৰা ২০২৩ চনৰ মাজত ৰচনা কৰিছিল লেখিকা বানু মুস্তাক-এ ৷ কানাড়া ভাষাত ৰচিত চুটিগল্প সংকলনখনে আন্তর্জাতিক বুকাৰ বঁটা লাভ কৰি প্রথমখন কানাড়া ভাষাৰ গ্রন্থই এই বঁটা লাভ কৰাৰ ইতিহাস গঢ়ে৷ গ্রন্থখনৰ গল্পত জীৱন সংগ্রাম আৰু স্থিতিস্থাপকতাৰ আশ্চর্যকৰ প্রতিকৃতি প্রতিফলিত হোৱা বুলি আন্তর্জাতিক বুকাৰ বঁটাৰ বিচাৰকে ভূয়সী প্রশংসা কৰিছে ৷
দক্ষিণ ভাৰতীয় ৰাজ্য কর্ণাটকৰ কানাড়া ভাষাত ৰচিত বানু মুস্তাক-ৰ গল্প নির্বাচন আৰু অনুবাদ কৰি দীপা ভাস্থিয়ে ‘হার্ট লেম্প’ শীর্ষকেৰে চুটিগল্প সংকলনখন ইংৰাজীলৈ অনূদিত কৰি আন্তর্জাতিক বুকাৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ আন্তর্জাতিক বুকাৰ বঁটাৰ ধন ৫০ হাজাৰ ইউৰো লেখিকা বানু মুস্তাক আৰু অনুবাদক দীপা ভাস্থিৰ মাজত ভগাই দিয়া হ’ব৷ উল্লেখ্য যে আন্তর্জাতিক বুকাৰ বঁটা লাভ কৰা দ্বিতীয়গৰাকী মহিলা লেখিকা হৈছে বানু মুস্তাক৷ ইয়াৰ পূর্বে ২০২২ চনত গীতাঞ্জলি শ্রীৰ টম্ব অৱ চেণ্ডে এই বঁটা লাভ কৰিছিল৷ ডেইজী ৰকৱেলৰ দ্বাৰা হিন্দী ভাষাত ৰচিত গীতাঞ্জলি শ্রীৰ গ্রন্থখন অনূদিত হৈছিল৷
২০২৫ বর্ষৰ আন্তর্জাতিক বঁটা লাভ কৰা বানু মুস্তাক কর্ণাটকৰ এখন সৰু চহৰৰ বাসিন্দা৷ য’ত তেওঁৰ লগৰীয়া কন্যাবোৰ মুছলিম সম্প্রদায়ৰ আছিল৷ তেওঁলোকে উর্দু ভাষাত কোৰান পঢ়িছিল৷ কিন্তু বানু মুস্তাকৰ পিতৃ এগৰাকী চৰকাৰী কর্মচাৰী হোৱা হেতুকে তেওঁৰ কন্যাক ৮ বছৰ বয়সত কনভেণ্ট স্কুলত নামভর্তি কৰি দিছিল আৰু এই স্কুলখনত চৰকাৰী ভাষা কানাড়া মাধ্যমৰ আছিল৷ উক্ত বিদ্যালয়তে বানু মুস্তাক-এ কানাড়া ভাষাত সাহিত্য চর্চাৰ প্রতি আগ্রহী হৈ উঠে৷ বিদ্যালয়তে সাহিত্য ৰচনাৰ প্রতি ধাউতি বঢ়া মুস্তাকৰ পিছলৈ কলেজত পঢ়াৰ পাছত সাহিত্য চর্চা অধিক হৈ পৰে আৰু গল্প ৰচনাত গুৰুত্ব দিয়ে৷ তেওঁৰ চুটিগল্প স্থানীয় আলোচনীত প্রকাশ পাবলৈ ধৰে৷ ২৬ বছৰ বয়সতে তেওঁ বিবাহপাশত আবদ্ধ হয় যদিও বৈবাহিক জীৱনৰ আৰম্ভণিতে সংঘাত আৰম্ভ হয়৷ বিভিন্ন সাক্ষাৎকাৰত লেখিকা মুস্তাকে তেওঁৰ বৈবাহিক জীৱনৰ সংঘাতৰ বিষয়ে উল্লেখ কৰি আহিছে৷
‘ভগ’ আলোচনীত দিয়া সাক্ষাৎকাৰত লেখিকা মুস্তাকে কয়– মই সদায়ে লিখিবলৈ বিচৰিছিলোঁ, কিন্তু লিখিব পৰা নাছিলোঁ৷ কাৰণ হঠাতে মোৰ প্রেম বিবাহ হৈছিল৷ মোক বোর্খা পিন্ধিবলৈ দিয়া হৈছিল আৰু ঘৰুৱা কাম–কাজত নিজকে উৎসর্গা কৰিবলৈ নির্দেশ দিছিল৷ ২৯ বছৰ বয়সতে মাতৃ হৈ মই হতাশাত ভুগিছিলোঁ৷ ইয়াৰ পিছতে তেওঁ নিজকে সংগ্রামী হিচাপে গঢ়ি তুলি মুছলিম সম্প্রদায়ৰ মহিলাৰ জীৱন সংগ্রাম সম্পর্কত লিখিবলৈ আৰম্ভ কৰে৷ কর্ণাটক সাহিত্য অকাডেমি বঁটা আৰু ডানা চিন্তামণি অট্টিমাবে বঁটাৰ লগতে তেওঁ কেইবাটাও স্থানীয় আৰু ৰাষ্ট্রীয় সন্মান লাভ কৰিছে৷ ২০২৪ চনত মুস্তাকৰ ইংৰাজীলৈ অনূদিত ৫টা চুটিগল্পৰ সংকলন ‘হাছিনা এণ্ড আডাৰ ষ্ট’ৰিজ’–এ পেন অনুবাদ বঁটা লাভ কৰে৷