নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথমবাৰলৈ ভূটানত লকডাউন

নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ হিমালয়ান ৰাষ্ট্র ভূটানে প্রথমবাৰৰ বাবে ক’ভিড–১৯ মহামাৰী প্রতিৰোধৰ বাবে লকডাউন জাৰি কৰিছে দেশখনত৷ ৭,৫০,০০০ জনসংখ্যাৰ দেশখনত এই লকডাউনৰ সময়ত বন্ধ থাকিব সকলো শিক্ষা প্রতিষ্ঠান, চৰকাৰী কার্যালয় আৰু দোকান–পোহাৰ৷

উল্লেখনীয় যে গৃহভূমিলৈ বিদেশৰ পৰা উভতি অহা লোক এজন ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পাছতে ভূটানে ভাইৰাছবিধৰ সংক্রমণ প্রতিৰোধৰ ক্ষেত্রত এই কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে৷ লক্ষণীয়ভাৱে এই লকডাউন ৫ৰ পৰা ২১ দিন পর্যন্ত দেশখনত বলৱৎ হ’ব পাৰে বুলি চৰকাৰে ঘোষণা কৰিছে৷ ২৭ বছৰীয়া মহিলা এগৰাকী কুৱেইটৰ পৰা উভতি অহাৰ সময়ত ক’ভিড পজিটিভ বুলি চিহ্ণিত হোৱাৰ পাছতে উদ্বিগ্ণ হৈ পৰে ভূটান চৰকাৰ৷

You might also like