নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড সংক্রমণৰ: আশংকাত চিগাৰেট সেৱন নিষিদ্ধ স্পেইনৰ গালিচিয়াত

নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ  ধূমপানে ক’ভিড–১৯ মহামাৰী সংক্রমণ বৃদ্ধি কৰে বুলি আশংকা কৰি ইউৰোপীয় দেশ স্পেইনে গালিচিয়া অঞ্চলত চিগাৰেট সেৱনত আৰোপ কৰিছে নিষেধাজ্ঞা৷ ৰাজহুৱা স্থানত চিগাৰেট সেৱন নিষিদ্ধ কৰা হৈছে গালিচিয়া অঞ্চলত৷ ৰাজপথ বা কোনো জনসমাগমত চিগাৰেট সেৱন কৰিলে কঠোৰ ব্যৱস্থা গ্রহণৰ সিদ্ধান্ত লৈছে স্পেইন চৰকাৰে৷ উল্লেখনীয় যে ৰেষ্টুৰেণ্ট আৰু বাৰসমূহতো চিগাৰেট সেৱন নিষিদ্ধ কৰিছে প্রশাসনে৷ সকলোকে সামাজিক দূৰত্ব অক্ষত ৰখাৰ কঠোৰ নির্দেশ জাৰি কৰিছে গালিচিয়াৰ স্থানীয় প্রশাসনে৷

লক্ষণীয়ভাৱে গালিচিয়া অঞ্চলত চিগাৰেট সেৱনৰ ক্ষেত্রত এই কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে যদিও ইউৰোপীয় দেশখনৰ আন প্রান্তত বিষয়টোক লৈ এতিয়াও কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা হোৱা নাই৷ পশ্চিম ইউৰোপৰ ভিতৰত ক’ভিড মহামাৰীত বিপর্যয়ৰ সন্মুখীন হোৱা অন্যতম দেশ হিচাপে চিহ্ণিত হৈছে স্পেইন৷ শেহতীয়াকৈ ক’ভিড সংক্রমণৰ গতি দেশখনত স্তিমিত হৈছে যদিও এই মহামাৰীক লৈ এতিয়াও আতংকিত হৈ আছে চৰকাৰ৷

You might also like