নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ ৰাষ্ট্রপতি বাইডেনৰে প্রধানমন্ত্রী মোদীৰ টেলিফোনিক বার্তালাপ

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে সোমবাৰে টেলিফোনিক বার্তালাপ কৰে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জ’ বাইডেনে৷ ৰাষ্ট্রপতি হিচাপে শপত লোৱাৰ পিছত বাইডেনে প্রথমে চুবুৰীয়া দেশ কানাডা আৰু মেক্সিকো, পিছত নাটোৰ সহযোগী ৫ দেশৰ লগতে ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ সৈতে টেলিফোনিক বার্তালাপৰ পিছত সোমবাৰে ৰাষ্ট্রপতি বাইডেনে ভাৰতৰ প্রধানমন্ত্রী মোদীৰ সৈতে বার্তালাপ কৰে৷ বিশ্বৰ প্রথম বিদেশী নেতা হিচাপে প্রধানমন্ত্রী মোদীৰ সৈতে টেলিফোনিক বার্তালাপৰ সময়ত ৰাষ্ট্রপতি বাইডেনে দুই গণতান্ত্রিক দেশৰ দ্বিপাক্ষিক সম্পর্কক অধিক উন্নত পর্যায়লৈ নিয়াৰ পোষকতা কৰে৷ বাইডেন আৰু মোদীৰ টেলিফোনিক বার্তালাপৰ সময়ত দুই দেশৰ মাজত সম্পর্কক প্রাধান্য দিয়াৰ লগতে আন্তর্জাতিক বিষয়ক লৈয়ে আলোচনা কৰা হয়৷

বার্তালাপৰ সময়ত প্রধানমন্ত্রী মোদীয়ে আইন আধাৰিত আন্তর্জাতিক নির্দেশ ভাৰতে মানিবলৈ প্রতিশ্রুতিবদ্ধ বুলিও কয়৷ ৰাষ্ট্রপতি বাইডেনে প্রধানমন্ত্রী মোদীৰ সৈতে টেলিফোনিক বার্তালপৰ পিছতে হোৱাইট হাউছে প্রকাশ কৰা বিবৃতিত উল্লেখ কৰা মতে, ক’ভিড–১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজত জয়ী হ’বলৈ দুয়ো দেশে ঐক্যবদ্ধভাৱে কাম কৰাত বাইডেন আৰু মোদীয়ে আশ্বাস দিয়ে৷ জলবায়ু পৰিৱর্তনক লৈ দুয়ো দেশৰ অংশীদাৰিত্ব নবীকৰণ কৰা, দুয়ো দেশৰ জনতাৰ লাভৰ কাৰণে গোলকীয় অর্থনীতিক পুনর্গঠনৰ ক্ষেত্রত পথ মুকলি কৰা, গোলকীয় সন্ত্রাসবাদৰ বিৰুদ্ধে দুয়ো দেশে ঐক্যবদ্ধ কাম কৰাৰ ক্ষেত্রতো সহমতত উপনীত হোৱা বুলি বিবৃতিত উল্লেখ কৰা হৈছে৷

দুয়োগৰাকী নেতাই ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চলক মুক্ত কৰি ৰখাৰ ক্ষেত্রত সহযোগিতাত সন্মতি প্রকাশ কৰে৷ এইক্ষেত্রত বিশেষকৈ সাগৰীয় স্বাধীনতা, ভৌগোলিক অখণ্ডতাক প্রাধান্য দিয়া হয়৷

You might also like