নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাত দলেৰে গঠন হ’ল আছাম পিপ্লছ ডেমক্রেটিক এলায়েঞ্চ

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ আগন্তুক বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত ভুমুকি মাৰিছে স্বল্পখ্যাত ৰাজনৈতিক দলে৷ বাৰিষা মাছৰ উজান উঠাৰ দৰে ৰাজ্যত উজান উঠিছে ন ন ৰাজনৈতিক দলৰ৷ কংগ্রেছৰ নেতৃত্বত মহাজোঁট বন্ধন গঠন হোৱাৰ পিছত ৰাজ্যত ক্ষুদ্র আঠটা ৰাজনৈতিক দলে গঠন কৰিছে আন এক মহাজোঁট৷

আছাম পিপ্লছ ডেমক্রেটিক এলায়েঞ্চ নামেৰে গঠিত এই ৰাজনৈতিক মহাজোঁটত আছে ৰাষ্ট্রীয় উলামা কাউঞ্চিল, ৰাষ্ট্রীয় জনতা দল, নেচনেল ৰ’ডমেপ পার্টী অৱ ইণ্ডিয়া, পলিটিকেল জাষ্টিচ পার্টী, মাইন’ৰিটী পিপ্লছ পার্টী, অপনী জনতা পার্টী, ভাৰতীয় গণ পৰিষদ আৰু ছেকুলাৰ ইনক্লাব পার্টী৷

দিছপুৰ প্রেছ ক্লাবত এখন সংবাদ মেলত এই নতুন মহাজোঁটৰ বিষয়ে সদৰী কৰি পলিটিকেল জাষ্টিচ পার্টীৰ অসম ৰাজ্যিক সভাপতি শান্তনু মুখার্জীয়ে কয় যে তেওঁলোকে আগন্তুক বিধানসভা নির্বাচনত ১২৬টা সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰিব৷ ৭০খনতকৈও অধিক আসন লাভেৰে ৰাজ্যত চৰকাৰ গঠন কৰি বুলি দাবী কৰা মুখার্জীয়ে কয়– ‘অসমৰ সমস্যাসমূহ সমাধান কৰিবলৈ পূর্বৰ চৰকাৰসমূহ আৰু বর্তমানৰ চৰকাৰ ব্যর্থ হৈছে৷ ৰাজ্যৰ উন্নয়নত ব্যর্থ হোৱাৰ লগতে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰিলে চৰকাৰে৷ সেয়েহে আমাৰ চৰকাৰ গঠন হ’লে উদ্যোগ স্থাপনেৰে নিবনুৱাৰ সংস্থাপনৰ কথা চিন্তা–চর্চা কৰা হ’ব৷’

তদুপৰি তেওঁলোকৰ চৰকাৰ গঠন হ’লে নাগৰিকত্ব সংশোধনী আইন বাতিল, অসমক পুনৰ বিশেষ ৰাজ্যৰ মর্যাদা প্রদান, ডি ভোটাৰ সমস্যাৰ সমাধান, বান–গৰাখহনীয়াক ৰাষ্ট্রীয় সমস্যা হিচাপে স্থান দিয়া আদিৰ দৰে পদক্ষেপ গ্রহণ কৰিব বুলিও প্রতিশ্রুতি প্রদান কৰে৷

You might also like