নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পক্ষীজ্বৰ ! ভিয়েটনামৰ চিৰিয়াখানাত ৪৭টা বাঘৰ মৃত্যু

🔹 কুকুৰা চৰাইৰ মাংস ভক্ষণৰ পিছতে এইচ–৫এন১ৰ দ্বাৰা সংক্রমিত

নিউজ ডেস্ক, ৪ অক্টোবৰ : বার্ড ফ্লু বা পক্ষীজ্বৰে ভিয়েটনামৰ চিৰিয়াখানাসমূহত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ দক্ষিণ ভিয়েটনামৰ চিৰিয়াখানাত বার্ড ফ্লুৰ ফলত যোৱা আগষ্ট মাহৰ পৰা ৪৭টা দুষ্প্রাপ্য বাঘৰ মৃত্যু হৈছে৷ ইয়াৰ উপৰি তিনিটা সিংহ আৰু এটা পেন্থাৰৰ মৃত্যু হৈছে বার্ড ফ্লুত৷ দেশখনৰ হো চি মিন চিটীৰ সমীপৰ ভুবন ঝোৱাই চিৰিয়াখানাত এইচ–৫এন১ ভাইৰাছে তাণ্ডৱৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে ভিয়েটনামৰ কেইবাখনো চিৰিয়াখানাত পক্ষীজ্বৰত আক্রান্ত হৈ বহু পশুৰ এতিয়ালৈকে মৃত্যু হৈছে৷ সংবাদ সংস্থাৰ প্রতিবেদন অনুসৰি কুকুৰাৰ মাংস চিৰিয়াখানাসমূহত প্রদান কৰা হৈছিল পশুক৷ এই মাংস ভক্ষণ কৰাৰ ফলতে এইচ–৫এন১ ভাইৰাছৰ দ্বাৰা আক্রান্ত হয় বহু মাংসহাৰী পশু৷ ভিয়েটনামৰ স্বাস্থ্য মন্ত্রালয়ৰ নজৰলৈ বিষয়টো বহু পলমকৈ আহে৷ ইতিমধ্যে বার্ড ফ্লুত সংক্রমিত হৈ পৰে চিৰিয়াখানাৰ এটাৰ পিছত এটাকৈ জন্তু৷ বার্ড ফ্লুত আক্রান্ত কুকুৰা চৰাইৰ মাংস ক’ৰ পৰা প্রেৰণ কৰা হৈছিল, সেয়া তাৎক্ষণিকভাৱে জানিব পৰা নাই চৰকাৰে৷ ইতিমধ্যে এই ঘটনা সন্দর্ভত আৰম্ভ কৰা হৈছে তদন্ত৷ সংবাদ সংস্থাৰ তৰফৰ পৰা চিৰিয়াখানা কর্তৃপক্ষৰ সৈতে এই সন্দর্ভত যোগাযোগ কৰাৰ পিছতো কোনোধৰণৰ তথ্য প্রকাশ কৰা নাই৷ ইফালে, দেশখনত এনেদৰে বার্ড ফ্লুত আক্রান্ত হৈ এটাৰ পিছত এটাকৈ বাঘৰ মৃত্যু হোৱা ঘটনাক লৈ পৰিৱেশ কর্মী তথা পশুপ্রেমীসকলে তীব্র ক্ষোভ উজাৰিছে৷ ভিয়েটনামৰ চিৰিয়াখানাত চলি থকা বার্ড ফ্লুৰ এনে সংহাৰী ৰূপত উদ্বিগ্ণ বিশ্ব স্বাস্থ্য সংস্থা৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা ৱেবছাইটত ঘোষণা কৰা হৈছে যে ভিয়েটনামসহ এছিয়াৰ বিভিন্ন অঞ্চলৰ পৰা ৰপ্তানি হোৱা মাংস তথা কণী ভক্ষণ কৰা সময়ত সতর্ক হ’ব লাগিব৷ আনকি এই অঞ্চলৰ পৰা প্রেৰণ কৰা মাংস ভালদৰে সিজাই নাখালে মানুহো পক্ষীজ্বৰত আক্রান্ত হ’ব পাৰে বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা সতর্ক কৰা হৈছে৷ সংস্থাটোৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি, এইচ–৫এন১ ভাইৰাছ সাধাৰণতে পক্ষীৰ পৰা পশুলৈ সংক্রমিত হয়৷ মৃত পক্ষী বা সংক্রমিত পশুৰ সৈতে মানুহ সংস্পর্শলৈ আহিলে এই ভাইৰাছে মানুহৰ শৰীৰতো সংক্রমণ ঘটাব পাৰে৷ গতিকে ভিয়েটনামৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বেগ প্রকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷

You might also like