নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টুইটাৰত অন্তৰ্ধান ব্লু টিকছ : পাবলৈ গ্রাহকে ভৰিব লাগিব বছৰি ৮৪ মার্কিন ডলাৰ

বিশেষ বাৰ্তা, ২১ এপ্রিলঃ টুইটাৰৰ পৰা নোহোৱা হৈছে ব্লু টিকছ৷ এলন মাক্সে টুইটাৰ ক্রয় কৰাৰ পাছতেই ছ’চিয়েল মিডিয়া টুইটাৰক লৈ বিভিন্ন প্রতিক্রিয়াৰ সৃষ্টি হৈ আহিছে৷ টুইটাৰৰ একাউণ্টৰ গৰাকীয়ে পৰীক্ষণৰ ব্লু টিকছৰ বাবে টকা আদায় দিব লাগে বুলি এলন মাক্সে ঘোষণা কৰাৰ পাছত বিশ্বজুৰি আলোড়নৰ সৃষ্টি হয়৷ প্রথমে এক এপ্রিলৰ পৰা গ্রাহকৰ বিনামূলীয়াকৈ লাভ কৰি থকা টুইটাৰৰ পৰীক্ষণৰ ব্লু টিকছ উঠাই দিব বুলি ঘোষণা কৰাৰ পাছত প্রতিক্রিয়াৰ বাবে টুইটাৰৰ স্বত্ত্বাধিকাৰীয়ে ২০ এপ্রিললৈ পিছুৱাই দিয়ে৷ ২০ এপ্রিলত টুইটাৰৰ গ্রাহকে নির্ধাৰিত ধন আদায় নিদিয়াৰ পাছতেই বিশ্বজুৰি ৰাজনীতি–ক্রীড়া–সাংস্কৃতিক আদি খণ্ডৰ চেলিব্রিটি টুইটাৰ একাউণ্টৰ পৰা পৰীক্ষণৰ ব্লু টিকছ আঁতৰাই দিয়া হৈছে৷ পৰিচিত ব্লু টিকছ টুইটাৰৰ পৰা হেৰোৱাৰ লগে লগে বিশ্বজুৰি একধৰণৰ খেলিমেলি দ্বিধাজনক পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বিশ্বজুৰি ৰাজনীতিক, ক্রীড়াবিদ, চলচ্চিত্র জগতৰ চেলিব্রিটিয়ে বিনামূলীয়াকৈ লাভ কৰা টুইটাৰৰ পৰীক্ষনৰ ব্লু টিকছ আঁতৰাই দিছে যদিও স্বত্ত্বাধিকাৰী এলন মাক্সে কিছুসংখ্যক চেলিব্রিটিৰ ব্লু টিকছৰ বাবে নিজেই ধন আদায় দি সেই সেৱা অব্যাহত ৰাখিছে৷ ইয়াৰে ভিতৰত লেখক ষ্টিফেন কিং, এনবিএ খেলুৱৈ লেব্র’ন জেমছ আছে৷ ইফালে ভাৰততো ৰাজনীতি–ক্রীড়া–চলচ্চিত্ৰ জগতৰ চেলিব্রিটিৰ ব্লু টিকছ নোহোৱা হৈছে৷ দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৰা ৰাজ্যসমূহৰ মুখ্যমন্ত্রীৰ লগতে বিশিষ্ট ৰাজনীতিকৰ টুইটাৰ একাউণ্টৰ পৰীক্ষণৰ ব্লু টিকছ আঁতৰাই দিয়া হৈছে৷ তেনেদৰে বলীউডৰ অমিতাভ বচ্চন, শ্বাহৰুখ খান, দীপিকা পাডুকনকে ধৰি অনেকৰ, ক্রীড়া জগতৰ চেলিব্রিটি শচীন তেণ্ডুলকাৰ, মহেন্দ্র সিং ধোনী, বিৰাট কোহলি, পি ভি সিন্ধুকে ধৰি অনেকজনৰ একাউণ্টৰ পৰীক্ষণৰ ব্লু টিকছ আঁতৰাই দিয়া হৈছে৷ চেলিব্রিটি, ৰাজহুৱা কর্মী আৰু চৰকাৰী সংগঠন প্রতিষ্ঠানৰ একাউণ্টৰ পৰাও ব্লু টিকছ আঁতৰাই দিয়া হৈছে৷ চেলিব্রিটি আৰু চৰকাৰী সংগঠনৰ প্রতিষ্ঠানে সেৱাৰ বাবে ধন আদায় নিদিয়াত ব্লু টিকছ আঁতৰাই দিয়া বুলি ব্যাপক চর্চিত হৈছে৷  আন্তর্জাতিক চেলিব্রিটি চেলেনা গোমছ, কিম কৰডাছিয়ান, কাঈলী জেনাৰ, লেডী গাগাকে ধৰি অনেকজনৰ ব্লু টিকছ আঁতৰাই দিয়া হৈছে৷ টুইটাৰে প্রকাশ কৰা মতে, এতিয়াৰে পৰা টুইটাৰ একাউণ্টৰ পৰীক্ষণৰ ব্লু টিকছ বিনামূলীয়াকৈ কোনেও লাভ নকৰে৷ ইয়াৰ বাবে বছৰি ৮৪ মার্কিন ডলাৰ ভৰিব লাগিব৷ মন কৰিবলগীয়া যে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী, আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জ’ বাইদেন, গ্রেট ব্রিটেইনৰ প্রধানমন্ত্রী ঋষি চুনাককে ধৰি বিশ্ব নেতাসকলৰ টুইটাৰ একাউণ্টৰ পৰীক্ষণ ব্লু টিকছ আঁতৰাই দিলেও এইসকল নেতাৰ বাবে গ্রে টিকছ ব্যৱহাৰ কৰিবলৈ দিয়া হৈছে৷ চৰকাৰী অথবা বহুমুখী সংগঠনৰ একাউণ্টত এতিয়াৰে পৰা পৰীক্ষণৰ গ্রে টিকছ ব্যৱহাৰ কৰা হ’ব৷ টুইটাৰৰ পুৰণি গ্রাহকসকলে তেওঁলোকৰ পৰীক্ষণৰ ব্লু টিকছৰ স্থিতি বর্তাই ৰাখিবলৈ হ’লে ধন আদায় দিব লাগিব৷ দেশ অনুযায়ী এই মূল্য পৃথক হ’ব৷ ভাৰতত আই ফোন আৰু এনড্রইড ফোনৰ বাবে মাহে ৯০০ টকা ব্যয় কৰিব লাগিব৷ টুইটাৰ ৱেবছাইটৰ বাবে মাহিলী ৬৫০ টকা ব্যয় কৰিব লাগিব৷ অৱশ্যে বার্ষিক হ’লে গ্রাহকে তুলনামূলকভাৱে কম ধন ব্যয় কৰাৰ সুবিধা পাব৷

You might also like