বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী : এডিলেইডত পৰাস্ত টীম ইণ্ডিয়া
🔹 পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাত ভাৰত-১, অষ্ট্ৰেলিয়া-১
নিউজ ডেস্ক, ৮ ডিচেম্বৰ : বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ এডিলেইডত দিবা–নৈশ টেষ্টত পৰাস্ত হ’ল টীম ইণ্ডিয়া৷ ১৮০ ৰানত প্রথম ইনিংছ সামৰা টীম ইণ্ডিয়া দ্বিতীয় ইনিংছতো বেটিং বিপর্যয়ৰ সন্মুখীন হয়৷ টীম ইণ্ডিয়াৰ প্রথম ইনিংছৰ ১৮০ ৰানৰ প্রত্যুত্তৰত ট্রেভিছ হেডৰ দর্শনীয় শতকৰ সহায়ত অষ্ট্রেলিয়াই ৩৩৭ ৰানত প্রথম ইনিংছ সামৰে আৰু ১৫৭ ৰানৰ গুৰুত্বপূর্ণ অগ্রগতি লাভ কৰে৷ ইফালে, কালি দ্বিতীয় ইনিংছ মুকলি কৰিবলৈ আহি পেট কামিনছ আৰু স্ক’ট ব’লাণ্ডৰ দুর্দান্ত বলিঙৰ সন্মুখত বেটিং বিপর্যয়ৰ সন্মুখীন হয় ভাৰতীয় দলটো ৷ কালি দ্বিতীয় দিনাৰ খেলৰ অন্তলৈকে ভাৰতে পাঁচটাকৈ মূল্যৱান উইকেট হেৰুৱাই মাত্র ১২৮ ৰানহে সংগ্রহ কৰে৷ দিনান্তত ঋষভ পণ্টে ২৮ আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে ১৫ ৰান কৰি ক্রিজত থাকে৷ হাতত ৫টা উইকেট বাকী থকা অৱস্থাত ভাৰতীয় দলটো অষ্ট্রেলিয়াৰ প্রথম ইনিংছৰ ৰানতকৈ ২৯ ৰানত পিছপৰি আছিল৷ জয়ছোৱাল আৰু ৰাহুলে সুন্দৰ আৰম্ভণি দিয়াত ব্যর্থ হয়৷ দলীয় স্ক’ৰ ১২ ৰানতে ৰাহুলৰ ৰূপত ভাৰতে প্রথমটো উইকেট হেৰুৱায়৷ ৰাহুলে ৭ ৰান কৰি বিদায় লয়৷ ইফালে, জয়ছোৱালেও ২৪ ৰানৰ অৱদানহে আগবঢ়ায়৷ জয়ছোৱাল আউট হোৱাৰ কিছু সময়ৰ পিছতে তাৰকা বেটাৰ বিৰাট কোহলি, শুভমন গিল আৰু অধিনায়ক ৰোহিত শর্মাই বিদায় লয়৷ প্রথম ইনিংছত ব্যর্থ হোৱা কোহলিয়ে ১১ ৰানত পেভিলিয়নমুখী হোৱাৰ বিপৰীতে গিলে ২৮ আৰু ৰোহিতে মাত্র ৬ ৰান কৰে৷ আজি তৃতীয় দিনাৰ খেল আৰম্ভ হোৱাৰ কিছু সময়ৰ ভিতৰতে টীম ইণ্ডিয়াৰ বাকী ৫জন বেটাৰেও পেভিলিয়নমুখী হয়। ভাৰতৰ হৈ নীতিশ কুমাৰ ৰেড্ডীয়ে ৪২ ৰানৰ এক সন্মানজনক ইনিংছ খেলে। ভাৰতে দ্বিতীয় ইনিংছত মাত্ৰ ১৭৫ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। দ্বিতীয় টেষ্টত কেংগাৰু বাহিনীক জয়ৰ বাবে ১৯ ৰানৰ লক্ষ্য বান্ধি দিয়ে ভাৰতে। অষ্ট্ৰেলিয়াই কোনো উইকেট নেহেৰুৱাকৈ প্ৰয়োজনীয় ১৯ ৰান সংগ্ৰহ কৰি জয় সাব্যস্ত কৰে। পাঁচখনীয়া বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত এতিয়া দুয়োটা দলে এখনকৈ টেষ্টত জয় সাব্যস্ত কৰিছে। বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ অনাগত তিনিখন টেষ্ট খুব আকৰ্ষণীয় হ’ব বুলি ক্ৰিকেট বিশ্লেষকে মন্তব্য কৰিছে। দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিনছে ভাৰতৰ ৫টা উইকেট দখল কৰে। উল্লেখ্য যে প্ৰথম ইনিংছত ১৪১টা বলত ১৭টা চাৰি আৰু ৪টা ছয়েৰে ১৪০ ৰানৰ গুৰুত্বপূর্ণ ইনিংছ খেলি হেডে খেলখনত অষ্ট্ৰেলিয়াক চালকৰ আসনত উপৱিষ্ট কৰাইছিল ৷