পঞ্জাব সীমান্তত বিএছএফৰ গুলীত নিহত পাক সন্ত্রাসবাদী
বিশেষ বাৰ্তা, ১৪ আগষ্ট : স্বাধীনতা দিৱসৰ প্রাক্ক্ষণত পঞ্জাবত সন্ত্রাসবাদ দমন অভিযানত সফলতা লাভ কৰিলে নিৰাপত্তা বাহিনীয়ে৷ সীমান্তত অনুপ্রৱেশকাৰী পাকিস্তানী সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰিছে নিৰাপত্তা বাহিনীয়ে৷ কালি নিশা পাঠানকোট জিলাৰ সীমান্তত এটা সন্ত্রাসবাদীৰ গতিবিধি লক্ষ্য কৰে বিএছএফৰ জোৱানে৷ কিন্তু সীমান্ত অতিক্রম কৰাৰ পূর্বে বিএছএফৰ গুলীত মৃত্যু হয় এই সন্ত্রাসবাদীটোৰ৷ উল্লেখনীয় যে ১১ আগষ্টতো বিএছএফৰ গুলীত নিহত হৈছিল এটা পাক সন্ত্রাসবাদী৷ কালি নিশা বিএছএফৰ কঠোৰ নজৰদাৰীৰ মাজতে ভাৰতীয় ভূখণ্ডত প্রৱেশৰ চেষ্টা কৰা সন্ত্রাসবাদীটোক গুলীয়াই হত্যা কৰা হৈছে বুলি সূত্রই সদৰী কৰে৷