ভাৰতৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ প্ৰতি দায়বদ্ধ কানাডা
🔹 সুৰ সলনি প্ৰধানমন্ত্ৰী ট্ৰুডোৰ
বিশেষ বাৰ্তা, ২৯ ছেপ্টেম্বৰ : ভাৰত-কানাডাৰ দ্বিপাক্ষিক সম্পৰ্কত সৃষ্টি হোৱা তিক্ততাৰ ফলত উত্তেজনাৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ কণ্ঠত এক নৰম সুৰ শুনা গ’ল। কিছুদিন পূৰ্বে কৰা অভিযোগত অটল থাকিও তেওঁ কয় যে তেওঁলোকে এতিয়াও ভাৰতৰ সৈতে অধিক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে শুকুৰবাৰে কয় যে হৰদীপ সিং নিজ্জৰৰ হত্যাৰ লগত জড়িত থকাৰ “বিশ্বাসযোগ্য” অভিযোগ উত্থাপন হোৱাৰ পিছতো কানাডা এতিয়াও ভাৰতৰ সৈতে অধিক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। মণ্ট্ৰিয়েলত অনুষ্ঠিত সংবাদ মেলত তেওঁ কয়- ভাৰত এক ক্ৰমবৰ্ধমান আৰ্থিক শক্তি আৰু গুৰুত্বপূৰ্ণ ভূ-ৰাজনৈতিক খেলুৱৈ। বিগত এটা বছৰ ধৰি চলি অহা ভাৰত-প্ৰশান্ত মহাসাগৰীয় কৌশলৰ অংশ হিচাপে ভাৰতৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাৰ বাবে আমি অতি সচেতন।