৭ মিনিটতে কর্কট ৰোগৰ চিকিৎসা
🔹 ব্রিটেইনে মুকলি কৰিলে নতুন ইনজেকচন
বিশেষ বাৰ্তা, ২ ছেপ্টেম্বৰ : ব্রিটেইনৰ ৰাষ্ট্রীয় স্বাস্থ্য সেৱা (এনএইচএছ)ৰ তৰফৰ পৰা ইংলেণ্ডৰ অসংখ্য কর্কট ৰোগীৰ চিকিৎসাৰ বাবে ইনজেকচন মুকলি কৰিবলৈ তৎপৰতা চলাইছে৷ এনএইচএছৰ এই কর্কট প্রতিৰোধী ইনজেকচনত মাত্র সময় লাগিব ৭ মিনিট৷ মেডিচিন এণ্ড হেল্থকেয়াৰ প্রডাক্টছ ৰেগুলেটৰী এজেঞ্চী (এমএইচআৰএ)ৰ অনুমোদনৰ পাছত ইংলেণ্ডৰ নেচনেল হেল্থ ছিষ্টেমে এই ইনজেকচন শীঘ্রে ৰোগীসকলক প্রদান কৰা হ’ব বুলি ঘোষণা কৰিছে৷ ইমিউনো থেৰাপী, এটেজ’লিজুমাবৰ দ্বাৰা চিকিৎসা কৰি থকা ৰোগীসকলক এই ইনজেকচন প্রদান কৰা হ’ব বুলি ঘোষণা কৰিছে এনএইচএছে৷ উল্লেখনীয় যে এই ইনজেকচনৰ জৰিয়তে কেঞ্চাৰ আক্রান্ত শৰীৰৰ কোষবোৰ শীঘ্রে ধ্বংস কৰাটো সম্ভৱ হ’ব বুলি ইনজেকচনবিধৰ প্রস্তুতকর্তা কোম্পানী গেনেনটেকে সদৰী কৰিছে৷ বিশ্বজুৰি প্রথম কর্কট ৰোগৰ ক্ষেত্রত এনে কম সময়ৰ চিকিৎসা আৰম্ভ কৰা দেশ হ’ব ব্রিটেইন৷ চালৰ তলতে ল’বলগীয়া এই ইনজেকচনবিধে কর্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্রত নতুন যুগৰ সূচনা কৰিব বুলি ধাৰণা কৰা হৈছে৷