দেশবাসীক শীঘ্রে প্রদান কৰিব কর্কটৰ টিকা !
🔹 চিকিৎসা বিজ্ঞানীয়ে মাৰণ ৰোগৰ ভেকচিন প্রস্তুত কৰাৰ দাবী
নিউজ ডেস্ক, ১৯ ডিচেম্বৰ : শতাব্দীৰ ‘শ্রেষ্ঠতম’ আৱিষ্কাৰ সম্ভৱ কৰি তুলিছে ৰাছিয়াৰ চিকিৎসা বিজ্ঞানীসকলে৷ ক্রেমলিন প্রশাসনে এই দাবী কৰিছে৷ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ চৰকাৰে ঘোষণা কৰা অনুসৰি আগন্তুক বর্ষৰ আৰম্ভণিৰে পৰা বিনামূলীয়াকৈ কর্কট ৰোগৰ টিকা দিয়া আৰম্ভ কৰিব ৰাছিয়াই৷ ৰাছিয়াৰ স্বাস্থ্য মন্ত্রণালয়ৰ অধীনস্থ ৰেডিঅ’লজী মেডিকেল ৰিছার্চ চেণ্টাৰৰ এগৰাকী শীর্ষ বিষয়াই এই দাবী কৰিছে৷ ৰেডিঅ’ ৰোছিয়া সংস্থাটোৰ সঞ্চালকপ্রধান আন্দ্রে কাপ্রিনেই জনোৱা অনুসৰি ইতিমধ্যে মাৰণ ৰোগৰ প্রতিষেধক টিকা প্রস্তুত হৈছে৷ এই টিকা বিনামূলীয়াকৈ দেশবাসীক প্রদান কৰা হ’ব বুলিও সঞ্চালকপ্রধানগৰাকীয়ে জানিবলৈ দিছে৷ ২০২৫ চনৰ আৰম্ভণিৰে পৰা কর্কট ৰোগ প্রতিষেধক এই টিকা ৰাছিয়াজুৰি প্রদান কৰা হ’ব৷ ইফালে, গামালেয়া নেচনেল ৰিছার্চ চেণ্টাৰৰ বিষয়ববীয়া আলেকজেণ্ডাৰ গ্রীনছবার্গে দাবী কৰিছে যে কর্কট ৰোগৰ প্রতিষেধক টিকাৰ প্রি–ক্লিনিকেল ট্রায়েলৰ সময়ত টিউমাৰৰ বাঢ়ি উঠা আৰু বিয়পি পৰা প্রতিৰোধ হোৱা দেখিবলৈ পোৱা গৈছে৷ লক্ষণীয়ভাৱে ইয়াৰ পূর্বেই দেশখনৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে অনুৰূপ দাবী কৰিছিল৷ ২০২৪ৰ আৰম্ভণিতে ৰুছ ৰাষ্ট্রপতিগৰাকীয়ে দাবী কৰিছিল যে কর্কট ৰোগৰ প্রতিষেধক টিকা শীঘ্রেই প্রস্তুত কৰি তুলিব ৰুছ চিকিৎসা বিজ্ঞানীসকলে৷ ইফালে, গ্রীনছবার্গে দাবী কৰিছে, এআই সম্পর্কীয় গৱেষণা এনে পর্যায়লৈ গৈছে যে এঘণ্টাৰ ভিতৰতে কর্কট ৰোগৰ প্রতিষেধকৰ দৰে টিকা প্রস্তুত কৰি তোলাটো সম্ভৱ হৈ পৰিছে৷ ৰাছিয়াই দাবী কৰা অনুসৰি এই টিকাই ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰিব প্রতিৰোধী কোষসমূহত৷ কর্কটৰ কোষবোৰক চিহ্ণিত কৰি ই ধ্বংস কৰিব৷ শৰীৰত প্রচুৰ পৰিমাণে এণ্টিবডী এই টিকাই সৃষ্টি কৰিব বুলিও দাবী কৰিছে ৰাছিয়াই৷