গেলাৰীত ৰহস্যময়ী সুন্দৰীৰ সৈতে চাহাল
🔹 আইচিচি চেম্পিয়নছ ট্রফীৰ ফাইনেলত ন-ৰূপত যুজৱেন্দ্র
নিউজ ডেস্ক, ১০ মার্চ : কিছুদিন পূর্বে ধনশ্রী বার্মাৰ সৈতে বিবাহ বিচ্ছেদ হোৱা যুজৱেন্দ্র চাহালক চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত দেখা গ’ল এগৰাকী ৰহস্যময়ী যুৱতীৰ সৈতে৷ ফটোখন ভাইৰেল হোৱাৰ পিছত নেটিজেনৰ মাজত পুনৰ আৰম্ভ হৈছে হুলস্থুল৷ দীর্ঘদিন ধৰি জটিলতাৰ অন্তত ৰাজহুৱা হৈ পৰিল চাহাল আৰু ধনশ্রীৰ বিচ্ছেদৰ খবৰ৷ অৱশ্যে তাৰ আগতেই চাহালৰ লগত মাহৱাছক দেখা গৈছিল৷ চাহালক পুনৰ তেওঁৰ সৈতে ডুবাইত দেখা গ’ল৷ মাত্র ২৪ বছৰ বয়সতে দিল্লীৰ এইগৰাকী ৰেডিঅ’ জকীয়ে যথেষ্ট জনপ্রিয়তা লাভ কৰিছে৷ কিছুদিন পূর্বে দুয়ো একেলগে থকা এখন ছবি ভাইৰেল হৈছিল৷ অৱশ্যে মাহৱাছে উৰাবাতৰি বুলি মন্তব্য কৰে৷ এইবাৰ পুনৰ ডুবাইত দুয়োকে একেলগে দেখা পোৱাৰ ফলত ইণ্টাৰনেটত হুলস্থুলৰ সৃষ্টি হয়৷ বহুতে জানিব বিচাৰিছে এই যুৱতীগৰাকী কোন? বহুতে সুধিছে- ‘চাহালৰ নতুন প্রেমিকা নেকি?’ মন কৰিবলগীয়া যে ব্রেকআপৰ জল্পনা–কল্পনাৰ মাজতে ষ্টাৰ স্পিনাৰগৰাকীয়ে ফটো উঠিছিল এজন ৰহস্যময় ব্যক্তিৰ সৈতে৷ ভাইৰেল ছবিখনত চাহালক এগৰাকী মহিলাৰ সৈতে খোজকাঢ়ি থকা দেখা গৈছে৷ কেমেৰাৰ পৰা হাত সাৰিবলৈও তেওঁ হাতেৰে মুখখন ঢাকি ৰখা দেখা যায়৷ এতিয়া আকৌ অনুৰাগীৰ মাজত আৰম্ভ হৈছে জল্পনা–কল্পনা৷