নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেম্পিয়নছ ট্ৰফী : মুহূর্ততে শেষ ফাইনেলৰ টিকট

🔹 ভাৰত-নিউজিলেণ্ডৰ মেচক লৈ অনুৰাগীৰ মাজত উৎকণ্ঠা বৃদ্ধি

নিউজ ডেস্ক, ৮ মার্চ : দেওবাৰে ডুবাইত চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু নিউজিলেণ্ড৷ মেচখনক লৈ অনুৰাগীৰ মাজত বৃদ্ধি পাইছে উৎকণ্ঠা৷ মুকলিৰ প্রায় ৪০ মিনিটৰ ভিতৰতে ফাইনেল মেচখনৰ সকলো টিকট বিক্রী হয়৷ প্রায় ২৫ হাজাৰ লোকৰ আসনৰ ক্ষমতা থকা ডুবাই আন্তঃৰাষ্ট্রীয় ষ্টেডিয়ামত সম্প্রতি খালী নাই এখনো আসন৷ কাৰণ অনুৰাগীসকলে মেচখনৰ বাবে মুকলি কৰা ২৫ হাজাৰ টিকটৰ আটাইবোৰেই ক্রয় কৰিছে৷ ফাইনেলৰ টিকটৰ মূল্য সাধাৰণ শ্রেণীৰ বাবে ২৫০ ডিৰহাম (ভাৰতীয় মূল্য ৬,০০০ টকা)ৰ পৰা আৰম্ভ কৰি স্কাই বক্সৰ একচেটিয়া আতিথ্যৰ বাবে ১২,০০০ ডিৰহাম (ভাৰতীয় মূল্য ২,৮৩,৮৭১ টকা)লৈকে নির্ধাৰণ কৰা হৈছিল৷ অনুৰাগীয়ে ২ লাখ ৮৩ হাজাৰ ৮৭১ টকা পৰিশোধ কৰি ষ্টেডিয়ামৰ পৰা এই মেচখন উপভোগ কৰিবলৈ সর্বাধিক দামী টিকটটো ক্রয় কৰিছে৷

You might also like