নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচল প্রদেশৰ ৩০টা স্থানৰ পুনৰ নামকৰণ আগ্ৰাসী চীনৰ

🔹 ঐতিহ্যৰ আধাৰত নামকৰণ কৰা বুলি জনালে চীনৰ বৈদেশিক মন্ত্রালয়ে

বিশেষ বাৰ্তা, ১ এপ্রিল : উত্তৰ–পূবৰ ৰাজ্য অৰুণাচল প্রদেশক দশক দশক ধৰি নিজৰ অংশ বুলি দাবী কৰি আহিছে চীনে৷ ৰঙা চীনৰ সেনাই আন্তর্জাতিক সীমান্ত অতিক্রমি ভাৰতীয় ভূমি দখলৰ চেষ্টাও ইতিপূর্বে কেইবাবাৰো সংঘটিত কৰিছে৷ ইয়াৰ সমান্তৰালকৈ চীনে অৰুণাচল প্রদেশৰ স্থানসমূহৰ নাম নিজৰ ঐতিহ্যৰ আধাৰত পুনৰ নামকৰণ প্রক্রিয়া চলাই আছে। ২০১৭, ২০২১ আৰু ২০২৩ৰ পাছত ২০২৪ চনৰ মার্চ মাহত চীনে পুনৰ অৰুণাচল প্রদেশৰ ৩০টা স্থানৰ নাম নিজৰ দেশৰ ঐতিহ্যক লৈ নামকৰণ কৰিছে৷ চীনৰ বৈদেশিক মন্ত্রালয়ে অৰুণাচল প্রদেশৰ ৩০টা স্থানৰ নাম পুনৰ নামকৰণ কৰাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ছাউথ চাইনা মর্নিং প’ষ্টত প্রকাশিত বাতৰি অনুসৰি, তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ এটা অংশ জংনানস্থিত অৰুণাচল প্রদেশৰ ৩০টা স্থানৰ পুনৰ নামকৰণ কৰা হৈছে৷ চীনৰ বৈদেশিক মন্ত্রালয়ে প্রকাশ কৰা মতে, এই ৩০টা স্থানৰ নাম চীনৰ ঐতিহ্যৰ আধাৰত কৰা হৈছে৷ এতিয়ালৈকে কোন কোন স্থানৰ নাম পুনৰ নামকৰণ কৰা হৈছে, তাৰ বিতং তথ্য পোহৰলৈ অহা নাই যদিও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চীনে অৰুণাচল প্রদেশৰ ১১টা আৱাসিক অঞ্চল, ১২খন পর্বত, ৪খন নদী, এটা হ্রদ, এখন পর্বতৰ গিৰিপথ আৰু এটুকুৰা ভূমিৰ পুনৰ নামকৰণ কৰিছে৷ এই নামকৰণত চীনৰ চিহ্ণ আৰু তিব্বতৰ বর্ণলিপি ব্যৱহাৰ কৰা হৈছে৷ উল্লেখ্য যে বিগত বর্ষৰ এপ্রিল মাহত চীনে ১১টা স্থানৰ পুনৰ নামকৰণ কৰিছিল৷ এই ১১টা স্থানৰ ভিতৰত দুটুকুৰা ভূমি, দুটা আৱাসিক অঞ্চল, ৫টা পর্বতৰ শৃংগ, দুখন নদী আছিল৷ ইয়াৰ পূর্বে ২০২১ চনত ১৫টা আৰু ২০১৭ চনত ৬টা স্থানৰ পুনৰ নামকৰণ কৰিছিল চীনে৷ মন কৰিবলগীয়া যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অৰুণাচল প্রদেশৰ ছেলা পাছৰ সুৰংগ উদ্বোধন কৰাৰ পাছতে চীনে অৰুণাচল প্রদেশক লৈ আগ্রাসী পদক্ষেপ গ্রহণ কৰিছে৷

You might also like