শক্তিশালী কৃত্রিম উপগ্রহ উৎক্ষেপণ চীনৰ
🔹 ভাৰত–প্রশান্ত মহাসাগৰত তীব্রতৰ কৰিব নজৰদাৰী
🔹 উদ্বিগ্ন আমেৰিকাসহ কেইবাখনো দেশ
বিশেষ বাৰ্তা, ২৬ ডিচেম্বৰ : সমগ্র বিশ্বত নজৰদাৰী চলায় চীনে৷ চীনৰ নজৰ এৰাই চলি কোনো কাম কৰা সম্ভৱ নহয়৷ নজৰদাৰীক কেন্দ্র কৰি আমেৰিকা আৰু চীনৰ মাজত সঘনে চলি আহিছে দ্বন্দ্ব৷ সেই নজৰদাৰীৰ ভিত্তি অধিক মজবুত কৰি তুলিলে চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে৷ নতুন এক কৃত্রিম উপগ্রহক এই কামত লগাইছে চীনে৷ উচ্চ নিৰাপত্তাসম্পন্ন গোপন এই ছেটেলাইট বা কৃত্রিম উপগ্রহ শেহতীয়াকৈ চীনে উৎক্ষেপণ কৰিছে৷ ইয়াক সামৰিক কাম–কাজত ব্যৱহাৰ কৰিব দেশখনে৷ চীনৰ উৎক্ষেপিত কৃত্রিম উপগ্রহৰ নাম ‘য়ুৱান–৪১’৷ কৃত্রিম উপগ্রহটো উৎক্ষেপণ কৰা হৈছে লংমার্চ–৫ লান্সাৰ ৰকেটৰ জৰিয়তে৷ এই ৰকেটটো হৈছে চীনৰ আটাইতকৈ শক্তিশালী ৰকেট৷ ৰকেটটোৰ উচ্চতা মুঠ ২০০ ফুট ৷ চীনৰ আভ্যন্তৰীণ প্রয়োজনত কৃত্রিম উপগ্রহটো ব্যৱহাৰ কৰা হ’ব বুলি দেশখনৰ সংবাদ মাধ্যমে সদৰী কৰিছে যদিও ইয়াক লৈ সন্দেহ বৃদ্ধি পাইছে আমেৰিকা আৰু অন্যান্য কেইবাখনো ইউৰোপীয় দেশৰ মাজত৷ ভূমি জৰীপ বা পর্যবেক্ষণৰ দৰে অসামৰিক কাম–কাজত কৃত্রিম উপগ্রহটো ব্যৱহাৰ হ’ব বুলি চীনে দাবী কৰিছে যদিও ইয়াক নজৰদাৰীৰ কামত ব্যৱহাৰ কৰাৰ সম্ভাৱনা বেছি বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে৷ সমগ্র পৃথিৱীজুৰি এই কৃত্রিম উপগ্রহটোৱে কাম কৰিব ৷ কিন্তু ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চলত নজৰদাৰীৰ বাবে ইয়াক বিশেষভাৱে ব্যৱহাৰ কৰা হ’ব বুলি বিভিন্ন দেশৰ সামৰিক বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷ স্মর্তব্য যে ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ নজৰদাৰীক লৈ পূর্বৰে পৰা ক্ষোভ উজাৰি আহিছে আমেৰিকাকে ধৰি কেইবাখনো দেশে৷