ক’ৰোনাৰ মাজতেই কৃত্রিম সূর্য নির্মাণেৰে চীনৰ চমকঃ তাপমাত্রা ১২০ নিযুত ডিগ্রী চেলছিয়াছ
নিয়মীয়া বাৰ্তা, ৫ জুনঃ কালান্তক ক’ৰোনা কালৰ মাজতে বিজ্ঞানখণ্ডত আন এক চমকপ্রদ সাফল্য চীনৰ৷ ঘাতক ক’ভিড–১৯ চীনত প্রাদুর্ভাৱ ঘটি এতিয়াও বিশ্বব্যাপী মাৰাত্মক ভাইৰাছটোৱে শংকাময় পৰিৱেশ সৃষ্টি কৰি ৰাখিলেও এই ভাইৰাছৰ শংকাৰ পৰা মুক্ত হৈ উঠিছে চীনে৷ ইয়াৰ প্রমাণ দি আছে ৰঙা চীনে৷ আমেৰিকা যুক্তৰাষ্ট্রই ৰঙা গ্রহ মংগলত ৰ’ভাৰ অৱতৰণ কৰোৱাৰ দুমাহৰ পাছতেই ৰঙা চীনেও মংগলত অৱতৰণ কৰোৱালে ৰ’ভাৰ৷ মহাকাশ অভিযানৰ কেইবাটাও অভিলাষী অভিযান ঘোষণা কৰা চীনে এইবাৰ গৱেষণাগাৰত প্রস্তুত কৰিলে ‘কৃত্রিম সূর্য’৷
চীনৰ বিজ্ঞানীয়ে ‘কৃত্রিম সূর্য’ প্রস্তুত কৰি ইয়াৰ পৰা বিকিৰণ ঘটালে ১২০ নিযুত ডিগ্রী চেলছিয়াছ তাপমাত্রা৷ এই তাপমাত্রা প্রকৃত সূর্যৰ মূল তাপমাত্রাৰ ৮ গুণ৷ এক্সপেৰিমেণ্টেল এডভান্স ছুপাৰকনডাক্টটিং ট’কামাক চমুকৈ ইষ্ট ফিউজন ৰিয়েক্টৰ সাজি চীনৰ বিজ্ঞানীয়ে ১২০ নিযুত ডিগ্রী চেলছিয়াছ তাপমাত্রা বিকিৰণ ঘটালে৷ এই তাপমাত্রা বিজ্ঞানীসকলে ১০১ ছেকেণ্ডলৈ ধৰি ৰাখিবলৈ সক্ষম হৈছে৷
মন কৰিবলগীয়া যে প্রকৃত সূর্যত হাইড্র’জেন নিউক্লিয়াৰ পাৰমাণৱিক ফিউজনৰ দ্বাৰা ১৫ নিযুত ডিগ্রী চেলছিয়াছ বিকিৰণ হয়৷ কিন্তু চীনৰ বিজ্ঞানীয়ে কৃত্রিম সূর্যত ১২০ নিযুত ডিগ্রী চেলছিয়াছ তাপমাত্রা বিকিৰণ ঘটাই এক অভিলেখ সৃষ্টি কৰে৷ তথ্য মতে চীনৰ হেফেই ইনষ্টিটিউট অৱ ফিজিকেল ছায়েন্সৰ গৱেষণাগাৰত বিজ্ঞানীসকলে ইষ্ট ফিউজন ৰিয়েক্টৰত ১২০ নিযুত ডিগ্রী চেলছিয়াছ তাপমাত্রা ১০১ ছেকেণ্ড ধৰি ৰাখিবলৈ সক্ষম হোৱাৰ বিপৰীতে ১৬০ নিযুত চেলছিয়াছ ২০ ছেকেণ্ডৰ বাবে ধৰি ৰাখিবলৈ সক্ষম হৈছে৷ প্রায় ৩০০ বিজ্ঞানীয়ে এই কৃত্রিম সূর্য প্রস্তুত কৰা প্রক্রিয়াটোত জড়িত হৈ আছে৷
উল্লেখ্য যে চীনে কৃত্রিম সূর্য প্রস্তুত কৰি ১২০ নিযুত ডিগ্রী চেলছিয়াছ তাপমাত্রা বিকিৰণ ঘটাই ১০১ ছেকেণ্ড ধৰি ৰাখি নতুন অভিলেখ গঢ়াৰ পূর্বে কোৰিয়াই এনে কৃত্রিম সূর্য সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে কোৰিয়াৰ কৃত্রিম সূর্যৰ বিকিৰণ ১০০ নিযুত ডিগ্রী চেলছিয়াছত সীমাবদ্ধ হৈছিল আৰু এই বিকিৰণ ২০ ছেকেণ্ডৰ বাবে ধৰি ৰাখিবলৈ সক্ষম হৈছিল৷ এই সফলতা কোৰিয়াই লাভ কৰিছিল ২০২০ বর্ষৰ ডিচেম্বৰ মাহত৷