নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রকৃতি! ক্ষমা কৰা আমাক

(বিশ্ব পৰিৱেশ দিৱস উপলক্ষে)

কাছজনীলৈ চাওকচোন৷ তাইৰ ‘খামুচীয়া’ কঁকালখনলৈ মন কৰিছেনে? এইটো কিন্তু কোনো বিৰল প্রজাতিৰ কাছ নহয়৷ পৰিৱেশ,  জীৱ–জন্তুৰ ওপৰত মানুহৰ বর্বৰ অত্যাচাৰৰ জীৱন্ত উদাহৰণ এই কাছজনী৷ এই কাছজনীৰ নামMea West৷ বহু বছৰৰ আগৰ কথা৷Mea West তেতিয়া অতি সৰু৷ খাদ্যৰ সন্ধানত ইফাল–সিফাল ঘূৰি ফুৰোঁতে হঠাতে তাইৰ গাটো সোমাই পৰিছিল এডোখৰ প্লাষ্টিকৰ ৰিঙৰ ভিতৰত৷ যিকোনো নতুন বটলৰ সাঁফৰৰ লগত এটা ৰিং লাগি থাকে৷ এই ৰিংটো বিচ্ছিন্ন কৰিহে সাঁফৰ খুলিব পাৰি৷ সেয়া সকলোৱে জানে৷ কাছজনীৰ গাত লাগি ধৰা সেই ৰিংটোও আছিল তেনে এটা প্লাষ্টিকৰ বটলৰ৷ পিছে দুর্ভাগ্যৰ কথাটো হ’ল– সেই যে ৰিংটোMea Westৰ দেহত লাগি ধৰিল, ওলাই নগ’ল৷

সময় বাগৰিল Mea ডাঙৰ হৈ গৈ থাকিল৷ তাইৰ দেহৰ আকাৰ বাঢ়িল৷ কিন্তু  কঁকালত লাগি থকা প্লাষ্টিকৰ ৰিংটোৰ বাবে তাই সঠিকভাৱে বাঢ়িব নোৱাৰিলে৷ সেই অংশ চিঞা হৈ গ’ল৷ কালক্রমতMea West-এ এই লেখাটোৰ সৈতে থকা ছবিখনত দেখাৰ দৰে অদ্ভুত আকৃতি ল’লে৷ ঠিক অসমীয়া ‘৮’ সংখ্যাটোৰ দৰে৷

অনুমান কৰিবলৈ চেষ্টা কৰকচোন– একেবাৰে শিশু অৱস্থাৰ পৰা যৌৱনপ্রাপ্তিলৈ ইমান বছৰে নির্বোধ প্রাণীটোৱে কেনে দুর্বিষহ জীৱন কটাবলগীয়া হৈছিল বছৰৰ পাছত বছৰ ধৰি কিমান যন্ত্রণা লৈ চলা–ফুৰা কৰিছিল তাই আপোনাৰ, মোৰ দৰে কোনো এজন মানুহৰ কাণ্ডজ্ঞানহীন কর্মৰ ফল এই প্রাণীটোৱে ভোগ কৰা নাইনে? আপাতঃ দৃষ্টিত অদৰকাৰী আৰু সাধাৰণ যেনে লগা এডোখৰ প্লাষ্টিকৰ টুকুৰাই এটা প্রাণীৰ জীৱনকেই সলাই পেলালে৷

এই কাছজনী ২০০০ চনত আমেৰিকাৰ লুইচিনিয়া নামৰ ঠাইখনত উদ্ধাৰ কৰা হৈছিল৷Mea West বুলি নামকৰণ কৰা এই কাছজনী সম্প্রতি লছ এঞ্জেলেছৰ ষ্টাৰ ইক’ ষ্টেচন নামৰ প্রাণী আৱাস কেন্দ্রৰ বাসিন্দা৷ কাছজনীৰ দেহৰ পৰা প্লাষ্টিকৰ টুকুৰাটো আঁতৰোৱা হৈছে যদিও মানুহৰ কু–কর্মৰ পৰিণতি ভোগ কৰি তাই আজীৱন এনে বিসংগতিপূর্ণ দেহেৰেই কটাব লাগিব৷

আজিৰ পৰা প্রায় দুবছৰ পূর্বে আহমেদাবাদত এটা কুকুৰৰ মৃত্যুক কেন্দ্র কৰি দেশত ক্ষোভৰ উদ্গীৰণ ঘটিছিল৷ পথৰ কাষত শুই থকা কুকুৰটোৰ দেহৰ ওপৰতে নির্মাণকাৰী কোম্পানীটোৰ গাডীৰ পৰা গৰম আলকাতৰাসহ শিল পেলাই দিয়া হৈছিল৷ যাৰ বাবে প্রাণীটোৰ মৃত্যু হৈছিল৷ কিন্তু দুর্ভাগ্যৰ কথা এয়ে যে এইধৰণৰ প্রায়বোৰ আৱেগেই খন্তেকীয়া৷ কিছুদিনৰ পাছতে আমি ঘটনাটো পাহৰি পেলাওঁ আৰু অন্য এটা বিষয়ত ব্যস্ত হৈ পৰোঁ৷ মানুহ হিচাপে আমিও যে প্রকৃতিৰ অংশ আৰু এই প্রকৃতিৰ হানি–বিঘিনি নঘটোৱাকৈ ৰাখিব পৰাটোৰ ওপৰতেই যে আমাৰ ভৱিষ্যৎ নির্ভৰশীল– সেই কথা হাডে–হিমজুৱে সোমাই নপৰালৈকে এইধৰণৰ দুখজনক ঘটনা ঘটিয়েই থাকিব চলি থাকিব প্রকৃতিৰ ওপৰত অত্যাচাৰ৷

ক’ৰোনা ভাইৰাছ সংক্রমণৰ পৰিপ্রক্ষিতত বিগত বর্ষত দীর্ঘদিন ধৰি চলা লকডাউনৰ সময়খিনিত প্রকৃতিয়ে কিছু ছন্দ ঘূৰাই পোৱা বুলি চর্চিত হৈছিল৷ এন ডি টিভিয়ে যোৱা বছৰৰ এপ্রিল মাহত প্রকাশ কৰিছিল যে নতুন দিল্লীৰ বায়ুত থকা ক্ষতিকাৰক কণিকা ৭১ শতাংশলৈকে কমিছে৷ পৰিষ্কাৰ হৈছে গংগা, যমুনাৰ পানী৷ বাৰাণসীৰ ঘাটৰ ওচৰলৈকে মাছবোৰে সাঁতুৰি আহিছে৷ নেপালৰ কাঠমাণ্ডুৰ পৰাই দুশ কিলোমিটাৰ দূৰৈত থকা এভাৰেষ্ট শৃংগ খালী চকুৰে দৃশ্যমান হৈছে৷ পিছে প্রকৃতিলৈ অহা এনে ইতিবাচক পৰিৱর্তনবোৰ স্থায়ী হৈ ৰ’লনে? লকডাউন শিথিল কৰাৰ পাছত মানুহে আকৌ পূর্বৰ দৰে কাম–কাম আৰম্ভ কৰাত সকলো পূর্বৰ অৱস্থালৈ ঘূৰি যাবলৈ বাধ্য হ’ল৷ পিছে তলাবন্ধৰ সময়ছোৱাই আমাক এই কথাও উপলব্ধি কৰিবলৈ সুযোগ দিছিল যে মানুহে যদি অকণমানো পৰিৱেশৰ প্রতি সচেতন হয়, তেন্তে এখন সুন্দৰ পৃথিৱী পাবলৈ বেছিদিন ৰ’ব নালাগে৷ কিন্তু আমি সঁচাকৈয়ে জানো সচেতন হ’ম? ক্ষমা খুজিমনে প্রকৃতিক? উত্তৰটো দুখজনক৷

আজি বিশ্ব পৰিৱেশ দিৱস৷ প্রতি বছৰৰ ৫ জুনত এই দিৱস পালন কৰাৰ উপৰি ২২ এপ্রিলত ধৰিত্রী দিৱস, ৩ মার্চত বিশ্ব বন্যপ্রাণী দিৱস, ৪ অক্টোবৰত বিশ্ব প্রাণী দিৱসকে ধৰি  পৰিৱেশ সংৰক্ষণ, জীৱ–জন্তুৰ কল্যাণ, সিহঁতৰ জীয়াই থকাৰ মান উন্নীতকৰণ আদিৰ প্রতি সজাগতা সৃষ্টি আৰু প্রচাৰৰ উদ্দেশ্যে বিশ্বজুৰি বছৰৰ বিভিন্ন সময়ত বিভিন্ন দিৱস পালন কৰা হৈ আহিছে৷ কিন্তু এই সকলোবোৰৰ সত্ত্বেও পৰিৱেশ তথা বন্যপ্রাণীৰ ওপৰত মানুহৰ আগ্রাসন অব্যাহত আছে৷ আখজা লগা কথা এয়ে যে মানুহে একপ্রকাৰৰ স্বজ্ঞানেৰেই প্রকৃতি তথা জীৱকুলৰ ওপৰত অহৰহ আগ্রাসন, অত্যাচাৰ চলাই থাকে৷ বিজ্ঞানীসকলৰ মতে মানুহৰ এনে স্বভাৱৰ বাবেই ২০ হাজাৰতকৈ অধিক গছ–গছনি আৰু জীৱ–জন্তুৰ প্রজাতি সম্প্রতি বিলুপ্তিৰ গৰাহত৷ লোকচক্ষুৰ আগত সাধাৰণতে নপৰা বহুকেইবিধ মাছ আৰু ভেকুলীৰ প্রজাতিৰ অৱস্থা অতি শোচনীয়৷ এনে কিছু প্রজাতি আছে, যিবোৰৰ সংখ্যা হেনো মাত্র ২০টামানলৈ কমিছে৷ ww.panda.org] মতে, পৃথিৱীত ১০ কোটিমান বিভিন্ন প্রজাতিৰ প্রাণীৰ কমেও ১০ হাজাৰকৈ প্রজাতিয়ে বছৰি এই ধৰাৰ পৰা চিৰদিনলৈ বিদায় ল’ব ধৰিছে৷ এয়া বেছিভাগেই মানুহৰ কর্মৰ পৰিণতি৷ এনে ব্যাপক হাৰত প্রজাতিসমূহ বিলুপ্তি হ’লে এদিন পৃথিৱীখনেই বর্ণহীন হৈ নপৰিবনে?

কথাবোৰ দকৈ ভাবি চাবৰ হ’ল৷ সময় এতিয়াও উকলি যোৱা নাই৷ বর্তমানে বর্তি থকা পৰিৱেশ আৰু প্রজাতিসমূহ ৰক্ষা কৰিব পাৰিলেও যথেষ্ট৷ আহক, বিশ্ব পৰিৱেশ দিৱসৰ এই দিনটোতেই জীৱ ৰক্ষাৰ হকে আমি সংকল্পবদ্ধ হওঁ৷ আমেৰিকাৰ সেই কাছজনীক আমি স্বাভাৱিক দেহ ঘূৰাই দিব নোৱাৰোঁ৷ কিন্তু এনে ঘটনা নোহোৱাটো আমি সুনিশ্চিত কৰিব পাৰোঁ৷ বিশ্ব পৰিৱেশ দিৱসত আমি এনে সংকল্পই লওঁ আহক৷ অন্যথা অদূৰ ভৱিষ্যতে মংগল বা অন্য কোনো গ্রহই হ’ব আমাৰ পৰৱর্তী বাসস্থান৷

You might also like