নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ৩.৬৮ শতাংশলৈ হ্রাস ক’ভিড আক্রান্তৰ হাৰ

নিয়মীয়া বাৰ্তা, ৫ জুনঃ ৰাজ্যত ধাৰাবাহিকভাৱে হ্রাস পাইছে ক’ভিড আক্রান্তৰ হাৰ৷ শুকুৰবাৰে ৩.৬৮ শতাংশলৈ হ্রাস পাইছে ক’ভিড আক্রান্তৰ হাৰ৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত ৪,৫৪৮জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে৷ এই সময়ছোৱাত ৰাজ্যত মুঠ ১,২৩,৫৯৩টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ৪২১জন কামৰূপ মহানগৰ জিলাৰ৷

তদুপৰি তিনিচুকীয়াত ৩৫৯জন, নগাঁৱত ৩৫৩জন আৰু ডিব্রুগড়ত ৩২৩জন লোক ক’ভিডত আক্রান্ত হৈছে৷ শুকুৰবাৰে বিভিন্ন স্থানত ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৫৪জন৷ ইয়াৰে কামৰূপ মহানগৰ, কাছাৰ আৰু তিনিচুকীয়াত ৬জনকৈ লোকৰ মৃত্যু হৈছে৷ তদুপৰি কার্বি আংলঙত ৫জন, ডিব্রুগড়ত ৪জন, হোজাইত ৩জন, বৰপেটা–বঙাইগাঁৱত ২জনকৈ আৰু দৰং–বাক্সা–ধেমাজি– শালমাৰাত এজনকৈ লোকৰ মৃত্যু হৈছে৷ শুকুৰবাৰে সুস্থ হোৱা লোকৰ সংখ্যা হৈছে ৪,২৩৬জন৷ সম্প্রতি বিভিন্ন চিকিৎসালয় আৰু হোম আইছ’লেচনত থকা ৰোগীৰ সংখ্যা হৈছে ৫০,৭৬৫জন৷

You might also like