নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ বান্ধৰ বানে বিপদ মাতিব অসম–অৰুণাচললৈ

🔹 প্রতিৰোধৰ বাবে ছিয়াং নদীত বিশাল বেৰেজ নির্মাণৰ পৰিকল্পনা কেন্দ্রৰ

বিশেষ বাৰ্তা, ৮ ছেপ্টেম্বৰ : চীনক প্রতিৰোধ কৰিবলৈ এইবাৰ বেৰেজ নির্মাণ কৰিবলৈ আগবাঢ়িছে কেন্দ্রীয় চৰকাৰ৷ অৰুণাচল প্রদেশৰ ছিয়াং নদীৰ ওপৰত নির্মাণ হ’ব এই নতুন বেৰেজ৷ কাৰণ সীমান্তৰ সমীপতে তিব্বতৰ মেডং জিলাত বিশাল বান্ধ প্রকল্প আৰম্ভ কৰিবলৈ লৈছে চীনা প্রশাসনে ৷ চীনৰ এই বান্ধৰ ফলত অৰুণাচলৰ বিশাল অঞ্চল বানত উটিব পাৰে৷ সমস্যা সৃষ্টি হ’ব পাৰে অসম আৰু বাংলাদেশত৷ অৰুণাচলৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৱে কালি ৰাজ্যখনৰ বিধানসভাত উল্লেখ কৰে যে চীনৰ বিশাল বান্ধক লৈ উদ্বিগ্ণ ভাৰত৷ চীনা কার্যকলাপৰ ফলত যাতে ভাৰতৰ নদীৰ জলস্তৰত কোনো সমস্যা নহয়, তাক গুৰুত্ব দিয়েই ছিয়াং নদীৰ ওপৰত বিশাল বেৰেজ নির্মাণ কৰিব ভাৰতে৷ উল্লেখনীয় যে তিব্বতৰ য়াৰলুং নদীখনে অৰুণাচলত ছিয়াং নাম লৈ অসমত ব্রহ্মপুত্র ৰূপে চিহ্ণিত হৈছে৷ শেষত বাংলাদেশত যমুনা নাম পাইছে এই নদীখনে৷

You might also like