নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ চৰকাৰী বৈঠক-ত নিষিদ্ধ সুৰা–চিগাৰেট–বিলাসী খাদ্য

ৰাজকোষৰ ধনৰ অপচয় ৰোধ কৰিবলৈ কঠোৰ সিদ্ধান্ত

চীনৰ চৰকাৰী বৈঠক-ত নিষিদ্ধ সুৰা–চিগাৰেট–বিলাসী খাদ্য

নিউজ ডেস্ক, ১২ জুন : চীনৰ সকলো চৰকাৰী আমোলা মিতব্যয়ী হোৱাৰ কঠোৰ নির্দেশ দিছে ৰাষ্ট্রপতি ঝি জিনপিঙে৷ যোৱা মার্চ মাহত জিনয়াঙত এক দলীয় বৈঠকত ৪গৰাকী সতীর্থৰ সৈতে সুৰাপান কৰিছিল চীনৰ এগৰাকী চৰকাৰী বিষয়াই৷

অত্যধিক নিচাত প্রাণ হেৰুৱাবলগীয়া হৈছিল এই বিষয়াগৰাকীয়ে৷ সেই ঘটনাক লৈ তুমুল প্রতিক্রিয়াৰ সৃষ্টি হৈছিল কমিউনিষ্ট দেশখনত৷ বিষয়টো সন্দর্ভত বিশেষ গুৰুত্ব প্রদান কৰিছে দেশখনৰ ৰাষ্ট্রপতিয়ে৷ সকলো আমোলাক মিতব্যয়ী হোৱাৰ নির্দেশ দিয়াৰ উপৰি এই কথা স্পষ্ট কৰি দিয়া হৈছে যে চৰকাৰী বৈঠকত সুৰা, চিগাৰেট নাইবা সু–স্বাদু কোনোধৰণৰ খাদ্য যোগান ধৰা নহ’ব৷

আনকি চৰকাৰী বৈঠকত আমোলা–বিষয়াসকলক কোনোধৰণৰ পানীয় যোগান ধৰা নহ’ব বুলি ৰাষ্ট্রপতিৰ নির্দেশত স্পষ্ট কৰি দিয়া হৈছে৷ অন্যান্য বিভিন্ন ক্ষেত্রতো কঠোৰ সিদ্ধান্ত গ্রহণ কৰিছে ৰাষ্ট্রপতিয়ে৷ বিশেষকৈ চৰকাৰী বৈঠকত সুৰা সম্পূর্ণভাৱে নিষিদ্ধ কৰা হৈছে৷ লক্ষণীয়ভাৱে এতিয়াৰে পৰা চৰকাৰী বৈঠক হ’লে তাত কোনোধৰণৰ বিলাসী খাদ্য যোগান ধৰা নহ’ব৷

আনকি চৰকাৰী অনুষ্ঠানৰ বাবে ফুল আৰু পোহৰৰ বিশেষ জকমকীয়া ব্যৱস্থা কৰিব নোৱাৰিব বুলিও নির্দেশ দিয়া হৈছে৷ লক্ষণীয়ভাৱে চৰকাৰী ধনৰ অপচয় হ্রাস কৰিবলৈ এই কঠোৰ সিদ্ধান্ত গ্রহণ কৰিছে চীনৰ ৰাষ্ট্রপতিগৰাকীয়ে৷ স্মর্তব্য যে দুর্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰি ৰাষ্ট্রপতি ঝি জিনপিঙে চীনৰ জনসাধাৰণৰ মাজত বিশেষ জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছে৷ এইবাৰ ৰাষ্ট্রপতিগৰাকীয়ে ৰাজকোষৰ ধনৰ অপচয় ৰোধ কৰিবলৈ এনে সিদ্ধান্ত গ্রহণ কৰাৰ লগে লগে বিষয়টো সাধাৰণ জনতাই প্রশংসা কৰিছে৷

You might also like