বাংলাদেশী মহিলা -ক বিয়া নকৰাবলৈ সতর্কবাণী চীন চৰকাৰৰ
🔹 বাংলাদেশী মহিলা -ক বিয়া নকৰাবলৈ সতর্কবাণী চীন চৰকাৰৰ
🔹 অবৈধভাৱে ঢাকাৰ পৰা বৃদ্ধি পাইছে মানৱ সৰবৰাহ
নিউজ ডেস্ক, ২৭ মে’ : বাংলাদেশী মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পূর্বে ১০০বাৰ ভাবি চাব লাগিব৷ সতর্ক হ’ব লাগিব এই ক্ষেত্রত চীনৰ প্রতিজন নাগৰিক৷ চীনা নাগৰিকসকলক ইতিমধ্যে এই সন্দর্ভত সতর্ক কৰিছে দেশখনৰ চৰকাৰে৷ বাংলাদেশত থকা চীনা দূতাবাসৰ পৰা এই সন্দর্ভত এক বিবৃতি জাৰি কৰা হৈছে৷
বিবৃতিত উল্লেখ কৰা হৈছে যে চীনা নাগৰিকসকল ‘বিদেশী পত্নী কিনা’ ধাৰণাৰ পৰা মুক্ত হ’ব লাগিব৷ চীনৰ চৰকাৰী সংবাদ পত্র গ্লোবেল টাইমছে এই সন্দর্ভত সবিস্তাৰে এক প্রতিবেদন প্রকাশ কৰিছে৷ কিন্তু কিয় এই ধাৰণা? জনসংখ্যা বৃদ্ধিৰ হাৰ হ্রাস কৰিবলৈ দীর্ঘদিন ধৰি এক সন্তান নীতি বলৱৎ কৰি আহিছিল চীনে৷ কিন্তু দেশৰ জনসংখ্যাৰ গড় বয়স ক্রমশঃ বৃদ্ধি পাই থকাৰ ফলত এই সিদ্ধান্ত প্রত্যাহাৰ কৰিছে চীনৰ কমিউনিষ্ট চৰকাৰে৷ এটাতকৈ অধিক সন্তান গ্রহণৰ ক্ষেত্রত উৎসাহ দিয়াৰ পিছত চীনত জন্মৰ হাৰ কিছু বৃদ্ধি পালেও নাৰী–পুৰুষৰ অনুপাতৰ যি ভাৰসাম্য, সেয়া নষ্ট হৈ গৈছে৷ সেই দেশৰ বহু পুুৰুষে বিবাহৰ বাবে অন্য দেশৰ পৰা নাৰীক পছন্দ কৰিবলৈ লৈছে৷ আনকি বহু সময়ত ধনৰ বিনিময়ত কোনো তৃতীয়পক্ষই সেই সম্ভাব্য পত্নীক বিচাৰি দিয়াৰ চেষ্টা চলাইছে৷ ইয়াৰ ফলতেই চলি আছে মানৱ সৰবৰাহ৷
এনে পৰিস্থিতিত বাংলাদেশৰ বিবাহৰ উপযুক্ত বহু যুৱতীক চীনলৈ পঠিওৱা বুলি অভিযোগ উঠিছে৷ বিয়াৰ নামত চীনলৈ বাংলাদেশী নাৰীক প্রেৰণৰ পূর্বেও অভিযোগ উঠিছিল৷ এনে পৰিস্থিতিৰ মাজতে চীন চৰকাৰে দেশখনৰ নাগৰিকসকলক বাংলাদেশী মহিলাক বিয়া নকৰাবলৈ সতর্কবাণী শুনাইছে৷