নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত প্রৱেশ চীনৰ ৰহস্যময় ভাইৰাছ এইচএমপিভিৰ

🔹 আক্রান্ত ৩ শিশু : দেশজুৰি সতর্কতা

নিউজ ডেস্ক, ৭ জানুৱাৰী : চীনৰ ৰহস্যময় ভাইৰাছ এইচএমপিভিৰ ভাৰতত প্রৱেশ৷ ৰঙা চীনৰ মাৰাত্মক ভাইৰাছ ক’ভিড–১৯এ বিশ্বজুৰি সংহাৰী ৰূপ লোৱাৰ পাছত এইবাৰ চীনতেই প্রাদুর্ভাৱ ঘটা এইচএমপিভিক লৈ শংকা ঘনীভূত হৈছে৷ চীনত প্রাদুর্ভাৱ ঘটাৰ পাছতেই এইচএমপিভিত আক্রান্ত তিনিজন ৰোগী ভাৰতত চিনাক্ত হৈছে৷ কর্ণাটকত দুজন এইচএমপিভিত আক্রান্ত ৰোগী চিনাক্ত হোৱাৰ পাছত গুজৰাটতো এজন চিনাক্ত হৈছে৷ কর্ণাটকৰ বেংগালুৰুত এইচএমপিভিত আক্রান্ত হৈছে এটা তিনিমহীয়া শিশু কন্যা আৰু আনটো আঠমহীয়া শিশু৷ দুয়োটা শিশুকে বেংগালুৰুৰ ব্যাপ্টিষ্ট হাস্পতালত চিকিৎসাধীন কৰোৱা হৈছে৷ যোৱা ৩ জানুৱাৰীত চিনাক্ত হোৱা এইচএমপিভিত আক্রান্ত তিনিমহীয়া শিশু কন্যাটিক চিকিৎসা চলোৱাৰ অন্তত সুস্থিৰ হোৱাৰ পাছত ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছে৷ তেনেদৰে আঠমহীয়া শিশুটি বর্তমানো ব্যাপ্টিষ্ট হাস্পতালত চিকিৎসাধীন হৈ আছে৷ চিকিৎসকে শিশুটিক সুস্থ কৰি তুলিবলৈ চিকিৎসা চলাই আছে৷ লাহে লাহে শিশুটি সুস্থ হৈ উঠিছে বুলিও চিকিৎসকে প্রকাশ কৰিছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে কর্ণাটকৰ বেংগালুৰুত দেশৰ প্রথমটো এইচএমপিভিত আক্রান্ত ৰোগী চিনাক্ত হোৱাৰ নিশ্চিত কৰাৰ কেইঘণ্টামান পাছতেই গুজৰাটৰ আহমেদাবাদতো আন এজন আক্রান্ত ৰোগী ধৰা পৰিছে৷ আহমেদাবাদত আক্রান্ত ৰোগীজন হৈছে দুবছৰীয়া শিশু৷ শিশুটিক আহমেদাবাদৰ ছান্দখেড়া অঞ্চলৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে৷ চিকিৎসকে ভাইৰাছটোত আক্রান্ত শিশুটিক চিকিৎসা চলাই আছে৷ ইপিনে, গুজৰাটত প্রথমটো এইচএমপিভি ভাইৰাছত আক্রান্ত ৰোগী চিনাক্ত হোৱাৰ পাছতেই চৰকাৰে পৰামর্শমূলক জাননী জাৰি কৰিছে৷ উল্লেখ্য যে ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিছার্চে কর্ণাটকৰ বেংগালুৰুত হিউমেন মেটাপনিউম’ভিৰাছ চমুকৈ এইচএমপিভিত আক্রান্ত ৰোগী দুজন চিনাক্ত কৰে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা মতে, আইচিএমআৰে আক্রান্ত দুই শিশুৰ শ্বাস–প্রশ্বাস বাৰম্বাৰ সূক্ষ্ম নিৰীক্ষণ চলোৱাৰ অন্তত ভাইৰাছটোত আক্রান্ত হোৱাটো নিশ্চিত হৈছে৷ ইপিনে, গুজৰাটে ৰাজ্যখনৰ জনগণক পৰামর্শমূলক জাননী জাৰি কৰি কৰিবলগীয়া আৰু নকৰিবলগীয়া কেইবাটাও পৰামর্শ আগবঢ়াইছে৷ জাননী অনুসৰি ৰাজ্যখনৰ নাগৰিকক হাঁচি অহাৰ সময়ত ৰুমালেৰে কিম্বা টিচু পেপাৰেৰে নাক আৰু মুখ ঢাকি ৰাখিবলৈ দিছে৷ চাবোন আৰু পানীৰে হাত নিয়মীয়াকৈ ধুবলৈ পৰামর্শ আগবঢ়োৱাৰ লগতে ফ্লুত আক্রান্ত লোকৰ পৰা নিলগত থকাৰ লগতে জনসমাগম থকা অঞ্চলত সাৱধানে থাকিবলৈ পৰামর্শ দিয়া হৈছে৷ জ্বৰ, কাহ আৰু চর্দি হৈ থাকিলে ৰাজহুৱা স্থান ভ্রমণ নকৰিবলৈ সকলো ব্যক্তিক পৰামর্শ দিছে৷ বিশুদ্ধ পানী আৰু পুষ্টিকৰ খাদ্য গ্রহণত গুৰুত্ব দিয়াৰ লগতে টোপনি ভালকৈ মাৰিবলৈ পৰামর্শ আগবঢ়াইছে৷ সুস্থ পৰিৱেশত থাকিবলৈ পৰামর্শ আগবঢ়োৱা হৈছে৷ আনপিনে, চকু, নাখ আৰু মুখ বিনা কাৰণত স্পর্শ নকৰিবলৈ নির্দেশ দিয়া হৈছে৷ টাৱেল, ৰুমাল আৰু সা–সামগ্রী ব্যৱহাৰৰ ক্ষেত্রত সাৱধান হ’বলৈ নির্দেশ দিয়া হৈছে৷ আনে ব্যৱহাৰ কৰা এনে সামগ্রী ব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ নির্দেশ দিয়া হৈছে৷ সাধাৰণ অসুখ হ’লে নিজাকৈ ঔষধ সেৱন নকৰি চিকিৎসকৰ পৰামর্শ ল’বলৈ কোৱা হৈছে৷ সবাতোকৈ গুৰুত্বপূর্ণ যে বেংগালুৰুত আক্রান্ত হোৱা ৰোগীৰ কোনো ভ্রমণ কৰাৰ তথ্য নাই৷ এনে কাৰণত কিদৰে শিশু দুটি এইচএমপিভিৰ দ্বাৰা সংক্রমিত হৈছে, সেয়া চিন্তনীয় বিষয়৷ চীনৰ পাছত ভাৰততো এইচএমপিভি ভাইৰাছত আক্রান্ত ৰোগী চিনাক্ত হোৱাক লৈ এই ভাইৰাছটোৱে এতিয়া বিশ্বজুৰি সংক্রমিত হোৱাৰ সম্ভাৱনা প্রকট হৈ উঠিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে এই ভাইৰাছটো সন্দর্ভত প্রতিনিয়ত তথ্য ৰাজহুৱাকৈ প্রকাশ কৰি আছে৷ ইপিনে, দেশত এইচএমপিভিক লৈ শংকিত নহ’বলৈ কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জে পি নাড্ডাই প্রকাশ কৰি এই ক্ষেত্রত ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ দেশ সম্পূর্ণ সাজু হৈ আছে বুলি কয়৷

You might also like