ভাৰতৰ সৈতে সীমান্তত বিবাদৰ মাজতেই চীনৰ নতুন ভূমি সীমা আইন
নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰঃ ভাৰতৰ সৈতে সীমান্তত বিবাদ চলি থকাৰ মাজতেই চীনৰ নেচনেল পিপ’লছ কংগ্রেছৰ ষ্টেণ্ডিং কমিটীয়ে নতুন ভূমি সীমা আইনত অনুমোদন জনায়৷ চীনৰ সার্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাক সুদৃঢ় কৰি ৰখাৰ প্রতি লক্ষ্য ৰাখি নেচনেল পিপ’লছ কংগ্রেছে অধিৱেশনৰ সামৰণিৰ দিনা নতুন ভূমি সীমা আইনক অনুমোদন জনোৱা বুলি চীনৰ জিনহুৱা নিউজত প্রকাশ পাইছে৷
অহা বর্ষৰ ১ জানুৱাৰীৰ পৰা বলৱৎ হ’বলগীয়া এই নতুন ভূমি সীমা আইনত এই কথা স্পষ্ট কৰা হৈছে যে পিপ’ল’ছ ৰিপাব্লিক অৱ চীনৰ সার্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা পৱিত্র আৰু অলংঘনীয়৷ সংবাদ মাধ্যমত প্রকাশ পোৱা মতে, ভৌগোলিক অখণ্ডতা ৰক্ষাৰ কাৰণে সকলো পদক্ষেপ আৰু ভূমি সীমা সঠিক ৰূপত ৰখাৰ বাবেই এই নতুন ভূমি সীমা আইনত অনুমোদন জনোৱা হৈছে৷
দেশৰ সার্বভৌমত্ব আৰু ভূমি সীমাক অৱজ্ঞা কৰা যিকোনো কার্যৰ বিৰুদ্ধে পদক্ষেপ গ্রহণ কৰাৰো ব্যৱস্থা এই আইনখনত অন্তর্ভুক্ত কৰা হৈছে৷ সীমান্ত অঞ্চলত অর্থনৈতিক আৰু সামাজিক বিকাশৰ জৰিয়তে সীমান্ত প্রতিৰক্ষা শক্তিশালীকৰণৰ বাবে পদক্ষেপ লোৱাটোও আইনখনত অন্তর্ভুক্ত হৈ আছে৷
সীমান্ত অঞ্চলত ৰাজহুৱা সেৱা, আন্তঃগাঁথনি উন্নীত কৰা, জনগণৰ জীৱনক উৎসাহিত কৰা আৰু কামৰ ক্ষেত্রত সমর্থন কৰাটোও আইনৰ লক্ষ্য৷ সীমান্তৰ প্রতিৰক্ষা আৰু সীমান্তত সামাজিক–আর্থিক বিকাশৰ মাজেৰে সু–সমন্বয় গঢ়ি তোলাটোও নতুনকৈ অনুমোদন জনোৱা হৈছে আৰু ভূমি সীমা আইনখনত সন্নিৱিষ্ট কৰা হৈছে৷