নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰা ৰে’লৱে ষ্টেচনত ক’ভিড প্ৰটকল ভংগঃ যাত্ৰীৰ মুখত নাই মাস্ক, ৰে’ল বিভাগৰো নাই সজাগতা 

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰঃ ৰাজ্যত ঠায়ে ঠায়ে পুনৰ ক’ভিড পজিটিভ ৰোগী চিনাক্ত হৈ থকাৰ সময়তো শোণিতপুৰৰ বালিপৰা ৰে’লৱে ষ্টেচনত ক’ভিড প্ৰটকল ব্যাপকভাৱে অমান্য কৰি থকা পৰিলক্ষিত হৈছে। যাত্ৰীৰ লগতে ৰে’ল বিভাগৰো কোনো সাৱধনতা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

সদাব্যস্ত বালিপৰা ৰে’লৱে ষ্টেচনত এই প্ৰতিবেদকে চলোৱা এক চৰজমিন পৰ্যবেক্ষণত ৰে’লৱে ষ্টেচনটোত ৰে’লৰ বাবে ৰৈ থকা কোনো যাত্ৰী মুখতে পৰিলক্ষিত নহ’ল মাস্ক। এইক্ষেত্ৰত ৰে’লৱে কৰ্তৃপক্ষই ষ্টেচনত কেৱল এখন বেনাৰ আঁৰিয়েই দায় সৰা বুলি সচেতন ৰাইজে মত পোষণ কৰিছে।

একেদৰে, ষ্টেচনটোৱেদি পাৰ হৈ অথবা ৰৈ থকা প্ৰতিখন ৰে’লৱে ডবালৈ মন কৰিলে দেখা যাব যে যাত্ৰীসকলে অমান্য কৰিছে সামাজিক দুৰত্ব। এটা ছীটতে ওচৰা-ওচৰাকৈ বহীয়েই মাস্কবিহীনভাৱে যাত্ৰা কৰিয়েই আছে ৰে’লযাত্ৰীসকলে। ৰে’লবিভাগেও যাত্ৰীসকলক ষ্টেচনত মাস্ক পিন্ধা, সামাজিক দুৰত্ব মানি চলা, যাত্ৰীৰ থাৰ্মেল স্কেনিং কৰা আদি কোনোধৰণৰ ব্যৱস্থা পূৰ্বৰ দৰে বাধ্যতামূলক কৰা নাই। ফলত যাত্ৰীসকলে সকলো ক’ভিড প্ৰটকল ধোঁৱাচাঙত তুলি দৈনিক যাত্ৰা কৰাহে দেখা গৈছে। এনেধৰণৰ অসাৱধান, সজাগতাহীন যাত্ৰাৰ ফলত বালিপৰাৰ লগতে বিভিন্ন অঞ্চলত ক’ভিডৰ ভয়াৱহতা বৃদ্ধি হোৱাৰ আশংকা বৰ্তমান সময়ত পৰিলক্ষিত হোৱাত শংকিত হৈ পৰিছে সচেতন ৰাইজ। ৰাইজে অনতিপলমে ৰে’লবিভাগৰ লগতে বালিপৰা ৰে’লৱে ষ্টেচন কৰ্তৃপক্ষক সজাগতাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ।

Input: প্ৰাঞ্জল, বালিপৰা

You might also like