নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘোঁৰামাৰীত ডাবৰ ইণ্ডিয়াৰ উদ্যোগত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালা শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰঃ শোণিতপুৰৰ ঘোঁৰামাৰীত ডাবৰ ইণ্ডিয়াৰ উদ্যোগত আজিৰেপৰা শুভাৰম্ভ কৰা হৈছে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতৰ ( ভূপেন্দ্ৰ সংগীত ) দহদিনীয়া কৰ্মশালা। ঘোঁৰামাৰীৰ জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহত জীৱন্টী ৱেলফেয়াৰ এণ্ড চেৰিটেবল ষ্ট্ৰাষ্টৰ উদ্যোগত আৰু ডাবৰ ইণ্ডিয়া লিমিটেডৰ সহযোগত আয়োজিত এই কৰ্মশালাখনিৰ শুভাৰম্ভ অনুষ্ঠানত বালিপৰা খণ্ড উন্নয়ন বিষয়া স্ববনম পাহাদী, ডাবৰ ইণ্ডিয়াৰ চি এছ আৰ ইক্সিকিউটিভ স্বৰজিচুমা বসুমতাৰী, কৰ্মশালাত অংশগ্ৰহণকাৰী শিশু, যুৱক-যুৱতীসকল উপস্থিত থাকে।

উল্লেখ্য যে, উক্ত দহদিনীয়া কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক বালিপৰা, ঘোঁৰামাৰী অঞ্চলৰ সকলোকে অংশগ্ৰহণ কৰিবলৈ কাকতৰ যোগেদি আয়োজকে আহ্বান জনাইছে ।

You might also like