নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলএচিৰ সমীপৰ তিনি স্থানত অৱস্থান চীনা বায়ুসেনাৰ

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ সীমান্তৰ প্রকৃত নিয়ন্ত্রণ ৰেখা (এলএচি)ৰ সমীপৰ তিনিটা বিমানঘাটিত অৱস্থান কৰি আছে চীনা সেনাই৷ আজি ভাৰতীয় বায়ুসেনাৰ এয়াৰ চীফ মার্শ্বাল ভি আৰ চৌধাৰীয়ে এই তথ্য সদৰী কৰিছে৷

ইফালে, ভাৰতীয় বায়ুসেনা সীমান্তৰ সমীপৰ নিজা ঘাটিত সম্পূর্ণৰূপে সষ্টম হৈ থকা বুলিও এয়াৰ চীফ মার্শ্বালগৰাকীয়ে উল্লেখ কৰিছে৷ ৮ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া বায়ুসেনা দিৱসৰ পূর্বে এক সংবাদ মেল সম্বোধন কৰি এয়াৰ চীফ মার্শ্বাল ভি আৰ চৌধাৰীয়ে উল্লেখ কৰিছে যে চীনে সুউচ্চ পার্বত্য অঞ্চলত পূর্বৰ দৰেই অভিযান চলাব পৰা ক্ষমতা ইতিমধ্যে হেৰুৱাইছে৷ অর্থাৎ দুর্গম পার্বত্য অঞ্চলত তাৎক্ষণিকভাৱে একে সময়তে কেইবাটাও অভিযান চলোৱাৰ সক্ষমতা এই মুহূর্তত চীনা সেনাৰ নাই বুলি উল্লেখ কৰিছে বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে৷

ইফালে, ভাৰতীয় বায়ু সেনাক ৰাফেল যুদ্ধ বিমানে বিশেষ সক্ষমতা প্রদান কৰা বুলিও চৌধাৰীয়ে উল্লেখ কৰে৷

You might also like