নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাধাৰণ অভিযুক্তৰ দৰেই ব্যৱহাৰ আৰিয়ানক

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্র আৰিয়ানক সাধাৰণ অভিযুক্তৰ দৰেই ব্যৱহাৰ কৰিছে নার্ক’টিক্ছ কণ্ট্ৰ’ল ব্যুৰ’ৰ (এনচিবি)ৰ বিষয়ববীয়াই৷ মুম্বাইৰ বিলাসী ‘মন্নত’ত ডাঙৰ–দীঘল হোৱা আৰু বিদেশৰ বিশ্ববিদ্যালয়ত শিক্ষা গ্রহণ কৰা আৰিয়ানৰ ৰাজকীয় জীৱন এন চি বিৰ জিম্মাত নিশাৰ ভিতৰতেই সলনি হৈছে৷

ড্রাগছ পার্টীত অংশগ্রহণ কৰি এতিয়া এন চি বিৰ জিম্মাত বাৰে বাৰে জেৰাৰ সন্মুখীন হ’বলগীয়া হৈছে আৰিয়ান৷

এন চি বিৰ সূত্রই সদৰী কৰা অনুসৰি শ্বাহৰুখ খানৰ পুত্র আৰিয়ানে সকলো প্রশ্নৰেই উত্তৰ দিছে৷ যি কৰিছে তাৰ বাবে অনুশোচনাত ভুগিছে আৰিয়ান৷ এন চি বিৰ সূত্রই সদৰী কৰা অনুসৰি আৰিয়ানক অন্য পাঁচজন অভিযুক্তৰ দৰেই ৰখা হৈছে৷

শ্বাহৰুখৰ পুত্র হিচাপে কোনোধৰণৰ বিশেষ আয়োজন নাই আৰিয়ানৰ বাবে৷ গতিকে বাদশ্বাহৰ পুত্রই এতিয়া কোনোদিনেই নোখোৱা খাদ্য গ্রহণ কৰিবলগীয়া হৈছে এন চি বিৰ জিম্মাত৷

You might also like