দিল্লীৰ হাস্পতালত চিকিৎসাধীন কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী
বিশেষ বাৰ্তা, ৩ ছেপ্টেম্বৰ : কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীক দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত ভৰ্তি কৰোৱা হৈছে। সূত্ৰৰ মতে, তেওঁৰ শৰীৰত মৃদু জ্বৰৰ লক্ষণ দেখা গৈছে। বৰ্তমান তেওঁ চিকিৎসকৰ তত্ত্বাৱধানত আছে। এগৰাকী জ্যেষ্ঠ চিকিৎসকে জনোৱা মতে, ২ ছেপ্টেম্বৰৰ সন্ধিয়া ছোনিয়া গান্ধীক দিল্লীৰ ছাৰ গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ মৃদু জ্বৰ হৈছে, কিন্তু তেওঁৰ স্বাস্থ্যৰ অৱস্থা ঠিকেই আছে। চিকিৎসকৰ এটা দলে তেওঁৰ স্বাস্থ্যৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আছে। ইয়াৰ পূৰ্বে ২০২৩ চনত দুবাৰকৈ চিকিৎসালয়ত ভৰ্তি হৈছিল ছোনিয়া গান্ধী। শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ চিকিৎসাৰ বাবে ২০২৩ চনৰ ১২ জানুৱাৰীত দিল্লীৰ ছাৰ গংগাৰামত ভৰ্তি কৰোৱা হৈছিল। ২০২৩ চনৰ ১৭ জানুৱাৰীত তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল। ইয়াৰ উপৰি মাৰ্চ মাহতো জ্বৰৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। শেহতীয়াকৈ ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ মুম্বাইত অনুষ্ঠিত বিৰোধী মিত্ৰজোঁটৰ তৃতীয়খন বৈঠকত অংশ লৈছিল কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। এই সময়ছোৱাত তেওঁৰ পুত্ৰ তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীও তেওঁৰ লগত আছিল।