নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্তত সন্ত্রাসবাদ-উগ্রবাদ চলি থাকিলে সহযোগিতা সম্ভৱ নহয় : এছ জয়শংকৰ

🔹 নিজ ঘৰতে পাকিস্তানলৈ কঠোৰ বার্তা ভাৰতৰ বৈদেশিক মন্ত্রীৰ

🔹 ৯ বছৰৰ মূৰত ইছলামাবাদত অংশ ল’লে এছচিঅ’ বৈঠকত

নিউজ ডেস্ক, ১৬ অক্টোবৰ : পাকিস্তানৰ ভূমিতেই দেশখনক কটাক্ষ ভাৰতৰ বৈদেশিক মন্ত্রী এছ জয়শংকৰৰ৷ পাকিস্তানৰ ৰাজধানী ইছলামাবাদত আয়োজিত চাংহাই কো–অপাৰেচন অর্গেনাইজেচন চমুকৈ এছ চি অ’ৰ বৈঠকত অংশ লৈ বৈদেশিক মন্ত্রী জয়শংকৰে সন্ত্রাসবাদ, উগ্রবাদ আৰু বিচ্ছিন্নতাবাদী কার্যকলাপক লৈ পাকিস্তানক কঠোৰ ভাষাৰে সমালোচনা কৰাই নহয়, একপ্রকাৰ কঠোৰ বার্তা দিয়ে৷ পাকিস্তানৰ প্রধানমন্ত্রী শ্বেহৱাজ শ্বৰীফৰ অধ্যক্ষতাত আয়োজিত বৈঠকত বৈদেশিক মন্ত্রী জয়শংকৰে কয় যে সীমান্তত সন্ত্রাসবাদ, উগ্রবাদ আৰু বিচ্ছিন্নতাবাদী কার্যকলাপ চলি থাকিলে বাণিজ্য, বিদ্যুৎ আৰু যোগাযোগ খণ্ডত সহযোগিতা সম্ভৱ নহয়৷ সহযোগিতা গঢ়ি উঠে পাৰস্পৰিক শ্রদ্ধা, সার্বভৌমত্বৰ সমতা আৰু ভূ–খণ্ডৰ অখণ্ডতা আৰু সংহতিৰ ওপৰত৷ চুবুৰীয়া ভাল নহ’লে এইক্ষেত্রত অন্তৰ্দৃষ্টিৰে যুকিয়াই চোৱাৰ প্রয়োজন আছে৷ বৈঠকত সন্ত্রাসবাদ সন্দর্ভত মন্তব্য কৰি সহযোগিতাৰ বাবে আহি পৰা প্রত্যাহ্বানৰ ভিতৰত সীমান্তৰ সিপাৰৰ সন্ত্রাসবাদক গৰিহণা দিয়ে মন্ত্রী এছ জয়শংকৰে৷ সহযোগিতাৰ বাবে আস্থাক প্রাধান্য দি মন্ত্রী জয়শংকৰে পাকিস্তানক পৰোক্ষভাৱে আঙুলিয়াই কয় যে এছচিঅ’ৰ সদস্য ৰাষ্ট্রসমূহৰ মাজত সহযোগিতাৰ বাবে আস্থা গুৰুত্বপূর্ণ৷ চুবুৰীয়া ভাল নহ’লে, বন্ধুত্ব সঠিক নহ’লে পাৰস্পৰিক বিশ্বাস শক্তিশালী নহ’লে সহযোগিতা সম্ভৱ হৈ নুঠে৷ ভাৰত আৰু পাকিস্তানৰ মাজত সম্পর্ক তিক্ত হৈ থকাৰ মাজতে ৯ বছৰৰ মূৰকত বৈদেশিক মন্ত্রী জয়শংকৰে প্রথম পাকিস্তান ভ্রমণতেই এছচিঅ’ৰ বৈঠকত দেশখনক কঠোৰ ভাষাৰে সমালোচনা কৰি সন্ত্রাসবাদক লৈ দুমুখীয়া নীতি গ্রহণ কৰি থকা ইছলামাবাদক কঠোৰ বার্তা দিয়ে৷ এই বৈঠকতেই বৈদেশিক মন্ত্রীগৰাকীয়ে দীর্ঘদিন ধৰি ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰ সন্দর্ভত ভাৰতে কৰি অহা মন্তব্য দোহাৰে৷

You might also like