নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Corona আতংক : ছিংগাপুৰ-হংকঙত দ্ৰুতগতিত বৃদ্ধি সংক্ৰমণ

🔹 ভাৰতত পুনৰ আঘাত কৰিব নেকি ক’ৰোনাই ?

নিউজ ডেস্ক, ১৬ মে’ : আকৌ আৰম্ভ হৈছে মহামাৰী Corona আতংক । হংকং আৰু ছিংগাপুৰত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ। এই দাবী কৰিছে ব্লুমবাৰ্গে। এই দুখন বৃহৎ চহৰত ক’ৰোনা সংক্ৰমণৰ হাৰক লৈ উদ্বেগ বৃদ্ধি পাইছে। জানিব পৰা মতে, হংকঙত ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। ৩ মে’লৈকে হংকঙত কোভিডত আক্ৰান্ত হৈ ৩১জন লোকৰ মৃত্যু হৈছে। চিকিৎসালয়ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। আনহাতে, যোৱা সপ্তাহৰ তুলনাত ছিংগাপুৰত ২৮ শতাংশ সংক্রমণ বৃদ্ধি পাইছে৷ মে’ মাহৰ প্ৰথম সপ্তাহত ১৪,২০০ত উপনীত হয় আক্ৰান্তৰ সংখ্যা। তেওঁলোকৰ মাজত চিকিৎসালয়ত ভৰ্তি হোৱাৰ হাৰ ৩০ শতাংশ। প্ৰশাসনে নতুন ভেৰিয়েণ্টটো অধিক সংক্ৰামক হোৱাৰ কোনো প্ৰমাণ এতিয়াও পোৱা নাই বুলি জানিবলৈ দিছে। এপ্ৰিল মাহত থাইলেণ্ডৰ পৰাও ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ খবৰ আহিছিল। এই পৰিস্থিতিত স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয়- ভাৰতত পুনৰ ক’ৰোনাই আঘাত কৰিব নেকি? অৱশ্যে বিশেষজ্ঞসকলৰ মতে, বৰ্তমান ভয়ৰ কোনো কাৰণ নাই ভাৰতত। ২০১৯ চনৰ শেষৰ ফালে চীনৰ পৰা সমগ্ৰ বিশ্বত মাৰাত্মক ক’ৰোনা ভাইৰাছ বিয়পি পৰে। ইয়াৰ ফলত বিশ্বজুৰি সংহাৰী ৰূপ ধাৰণ কৰে ক’ৰোনাই। এতিয়া সমগ্ৰ বিশ্বই প্ৰাৰ্থনা কৰে যে মহামাৰী ক’ৰোনাৰ সেই ভয়াৱহ দিনবোৰ যাতে কেতিয়াও ঘূৰি নাহে। এনে পৰিস্থিতিত পুনৰ আশংকা বৃদ্ধি কৰিছে ক’ৰোনা ভাইৰাছে।

You might also like