ক’ৰোনাৰ বাবে কোনো শিশু হ’ব পাৰে টাইপ-১ ডায়েবেটিছৰ চিকাৰ
নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ ক’ৰোনাৰ লগত সম্পৰ্ক আছে টাইপ-১ ডায়েবেটিছৰ। ক’ৰোনা সংক্ৰমিত শিশু এনে ডায়েবেটিছৰ চিকাৰ হ’ব পাৰে। এই দাবী বিশ্বমানৰ বিশ্ববিদ্যালয় ইম্পেৰিয়েল কলেজ লণ্ডনৰ। বিশেষজ্ঞসকলে অভিভাৱকসকলক শিশুৰ বিশেষকৈ ওজন কমা, ঘনে ঘনে প্ৰস্ৰাৱ হোৱা, ডিহাইড্ৰেচন আৰু ভাগৰ লগা যেন দেখিলে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ আহ্বান জনাইছে।
কিয়নো এনে লক্ষণ টাইপ-১ ডায়েবেটিছৰ বাবে দেখা দিব পাৰে আৰু এইক্ষেত্ৰত উদাসীন হ’লে পিছলৈ বিপজ্জনক পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব পাৰে। ব্ৰিটিছ টেলিগ্ৰাফৰ প্ৰতিবেদন অনুসৰি, ক’ৰোনা সংক্ৰমিত শিশুৰ কিছু শতাংশৰ ক্ষেত্ৰত এনে লক্ষণে দেখা দিব পাৰে।
প্ৰাপ্ত তথ্য মতে, ব্ৰিটেইনৰ চাৰিখন হাস্পতালত লকডাউন আৰম্ভ হোৱাৰ পিছত টাইপ-১ ডায়েবেটিছ হোৱা প্ৰায় ৩০ টি শিশুৰ চিকিৎসা কৰা হৈছিল, কিন্তু আন স্বাভাৱিক সময়ত ২ বা ৪ টি শিশুহে এনে চিকিৎসাৰ বাবে অহা দেখা গৈছিল।
আনহাতে টাইপ-১ ডায়েবেটিছ হোৱা শিশুৰ ৭২ শতাংশ শিশুৰ দেহত বাৰে বাৰে ইনছুলিন কমি থকা দেখা গৈছে। ক’ৰোনা ভাইৰাছৰ স্পাইক প্ৰটিনে ইনছুলিন তৈয়াৰ কৰা কোষত আক্ৰমণ চলাই নষ্ট কৰি দিয়াৰ বাবে শৰীৰত ইনছুলিনৰ মাত্ৰা কমি যোৱাৰ সম্ভাৱনা ব্যক্ত কৰে বিশেষজ্ঞসকলে।
বিশেষজ্ঞ দলৰ এগৰাকী চিকিৎসক ডাঃ কৰেন লৌগনে কয় যে ক’ৰোনাৰ প্ৰকোপ বাঢ়ি থকা অৱস্থাত টাইপ-১ ডায়েবেটিছ হোৱা ৰোগীৰ সংখ্যা কিছু বঢ়া দেখা গৈছিল, এনে কাৰণতে ক’ৰোনাৰ লগত টাইপ-১ ডায়েবেটিছৰ সম্বন্ধ থকাৰ সম্ভাৱনা আছে। অৱশ্যে এইক্ষেত্ৰত আৰু অধিক গৱেষণাৰ থল আছে বুলি তেওঁ লগতে উল্লেখ কৰে।