নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Satellite image ত পোহৰলৈ আহিছে ন ন তথ্যঃ চীনৰ ৱুহানত আগষ্ট মাহতেই আৰম্ভ হৈছিল ক’ৰোনাৰ সংক্রমণ

নিয়মীয়া বাৰ্তা, ১০ জুনঃ প্রাণঘাতী ক’ৰোনা ভাইৰাছ মহামাৰী বা ক’ভিড–১৯ ৰ অভিকেন্দ্র চীনৰ ৱুহানত বিগত বর্ষৰ আগষ্ট মাহতেই ভাইৰাছবিধৰ সংক্রমণ ঘটিছিল বুলি হার্ভার্ডৰ গৱেষকৰ দল এটাই সন্দেহ কৰিছে৷

বিগত বর্ষৰ আগষ্টৰ পৰা ডিচেম্বৰ মাহলৈকে ৱুহান চহৰত হোৱা জনতাৰ ভিৰৰ উপগ্রহ ছবিৰ ওপৰত বিশ্লেষণ চলাই এই কথা উল্লেখ কৰিছে হার্ভার্ড মেডিকেল স্কুলৰ গৱেষকৰ দলটোৱে৷

অৱশ্যে আমেৰিকান গৱেষকৰ শেহতীয়া এই অধ্যয়নকো পূর্বৰ দৰে কাল্পনিক তথ্যৰ ওপৰত নির্ভৰশীল আৰু অদ্ভুত আখ্যা দিছে চীনে৷ চীনে যোৱা বছৰ ৩১ ডিচেম্বৰত অচিনাক্ত ভাইৰাছবিধে সৃষ্টি কৰা সংক্রমণ সন্দর্ভত বিশ্ব স্বাস্থ্য সংস্থাক জনাইছিল৷ কিন্তু হার্ভার্ডৰ চিকিৎসা বিজ্ঞানী জন ব্রাউনষ্টেইনৰ মতে মহামাৰীয়ে ৱুহানত যি সময়ত সংহাৰী ৰূপ ধাৰণ কৰা বুলি চীনে তথ্য দিছে, তাৰ বহু পূর্বেই তাত ইয়াৰ উৎপত্তি ঘটিছিল বুলি বিশ্বাস কৰিব পৰা বিভিন্ন তথ্য আছে৷

বিবিচিৰ প্রতিবেদন অনুসৰি ৱুহানৰ প্রতিখন হাস্পতালত যোৱা বছৰ আগষ্ট মাহৰ পৰা পূর্বৰ তুলনাত ৬০–৭০ শতাংশকৈ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছিল৷ আগষ্টৰ পৰা ডিচেম্বৰলৈ উপগ্রহ ছবিয়ে এই তথ্য উদঙাই দিয়ে বুলিও হার্ভার্ডৰ গৱেষকে উল্লেখ কৰিছে৷

You might also like