নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

COVID-19, আমেৰিকাত মৃত্যু ৮০ হাজাৰ ,ৰাছিয়াত ২ লক্ষাধিক লোক আক্রান্ত

নিয়মীয়া বার্তা, ১১ মেঃ  মাৰাত্মক ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯ৰ সংক্রমণে শেহতীয়াকৈ ৰাছিয়াত সংহাৰী ৰূপ ধাৰণ কৰিছে৷ ৰাছিয়াই এইক্ষেত্রত ফ্রান্স আৰু জার্মানীক অতিক্রম কৰি ক’ৰোনা ভাইৰাছত সর্বাধিক সংক্রমিত দেশৰ তালিকাত পঞ্চম স্থান দখল কৰিছে৷ দেশখনৰ প্রশাসনে সদৰী কৰা অনুসৰি এতিয়ালৈকে এই মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা ৰাছিয়াত সংক্রমিত হৈছে ২,০৯,৬৮৮গৰাকী লোক৷ মাত্র বিগত ২৪ ঘণ্টাৰ ভিতৰত দেশখনত সংক্রমিত হৈছে ১১,০১২গৰাকী লোক৷ স্মর্তব্য যে ক’ৰোনা ভাইৰাছৰ সংক্রমণত প্রতিৰোধ লগোৱাৰ ক্ষেত্রত ৰাছিয়াৰ সামর্থ্য আছে বুলি ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে ঘোষণা কৰি আহিছিল যদিও এইক্ষেত্রত চৰকাৰ সফল হোৱা নাই৷ দেশখনৰ ক’ৰোনা ভাইৰাছ টাস্ক ফ’র্ছে ঘোষণা কৰা অনুসৰি শেহতীয়াকৈ মাৰাত্মক ভাইৰাছবিধৰ দ্রুত বিস্তাৰ ঘটিৰে ৰাছিয়াত৷ বিগত ২৪ ঘণ্টাত দেশখনত প্রাণ হেৰুৱাইছে ৮৮গৰাকী লোকে৷ অৱশ্যে পুটিন চৰাকৰে মাৰাত্মক এই ভাইৰাছবিধত ১,৯১৫গৰাকী লোক মৃত্যুমুখত পৰা বুলি ঘোষণা কৰিছে৷ স্মর্তব্য যে বিশ্বৰ কেইবাখনো দেশত ক’ৰোনা সংক্রমিত লোকসকলক চিকিৎসা প্রদানৰ সময়ত স্বাস্থ্যকর্মীসকলে প্রয়োজনীয় সুৰক্ষা কৱচ লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উঠিছে৷ এনে অভিযোগৰ ঘটনা আটাইতকৈ বেছি ঘটিছে ৰাছিয়াত৷ আনকি দেশখনত বহু স্বাস্থ্যকর্মীয়ে প্রয়োজনীয় সুৰক্ষা কীট নোপোৱাৰ বাবে ক’ৰোনা ৰোগীক চিকিৎসা সেৱা আগবঢ়াবলৈ অস্বীকাৰো কৰিছে৷ কিন্তু পুটিন চৰকাৰে বাৰে বাৰে অস্বীকাৰ কৰিছে এই কথা৷ শেহতীয়াকৈ দেশখনত প্রতিদিনে গড়ে দহ সহস্রাধিক লোক মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত হোৱাৰ লগে লগে আমেৰিকা আৰু ইউৰোপৰ কেইবাখনো দেশৰ দৰে ৰাছিয়াকো ক’ৰোনা ভাইৰাছে মৃত্যু উপত্যকাত পৰিণত কৰিব পাৰে বুলি বিশ্ব স্বাস্থ্য সংস্থা তথা বিশেষজ্ঞ চিকিৎসকসকলে আশংকা প্রকাশ কৰিছে৷

You might also like