নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ ১১০খন দেশত পুনৰ বৃদ্ধি ক’ভিড–১৯ৰ সংক্রমণ

নিয়মীয়া বাৰ্তা, ১জুলাইঃ সংক্রমণ সাময়িকভাৱে স্তিমিত হ’লেও ক’ভিড–১৯ মহামাৰীৰ বিদায় এতিয়াও বহু বাকী৷ বৰঞ্চ সংক্রমণ নতুনকৈ বৃদ্ধি পাইছে বিশ্বৰ শতাধিক দেশত৷ এনে পৰিস্থিতিৰ পর্যালোচনা কৰি বিশ্ব স্বাস্থ্য সংস্থা (হু)ই উল্লেখ কৰিছে যে ক’ভিড–১৯ মহামাৰী ক্রমান্বয়ে সলনি হৈ আহিছে৷ গতিকে পৃথিৱী ক’ভিডমুক্ত হ’বলৈ এতিয়াও বহু বাকী৷ বিভিন্ন দেশত ক’ৰোনাই নতুন ৰূপত সংহাৰ সৃষ্টি কৰিব পাৰে বুলিও আশংকা প্রকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷

সংস্থাটোৰ প্রতিবেদন অনুসৰি বিশ্বৰ ১১০খন দেশত ক’ৰোনাৰ সংক্রমণ বৃদ্ধি পাইছে৷ ‘হু’ৰ সঞ্চালকপ্রধান টেড্রছ আধানম ঘেব্রিয়েছাছে উল্লেখ কৰিছে যে প্রতি মুহূর্ততে ক’ৰোনাই নিজৰ চৰিত্র সলনি কৰিছে৷ গতিকে এই মহামাৰী শেষ হোৱাৰ কোনো লক্ষণ নাই৷ আনকি ক’ৰোনা ভাইৰাছক চিহ্ণিত কৰাৰ ক্ষেত্রত বিশ্বৰ সকলো দেশৰ প্রযুক্তি প্রত্যাহ্বানৰ সন্মুখীন হোৱা বুলিও মন্তব্য কৰিছে ঘেব্রিয়েছাছে৷

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীগৰাকীৰ মতে, ক’ৰোনাৰ পৰিৱর্তিত অ’মিক্রণ প্রকৰণক চিহ্ণিত কৰাটো শেহতীয়াকৈ অতি কঠিন হৈ পৰিছে৷ ফলত ভৱিষ্যতে ক’ৰোনাই কি ৰূপ ধাৰণ কৰিব সেই সন্দর্ভত পূর্বাভাস দিয়াটোও কঠিন হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ বাবে৷ টেড্রছৰ মতে, বিএ–৪ আৰু ডিএ–৫ প্রকৰণৰ ক’ভিড–১৯ৰ সংক্রমণ ক্রমশঃ বৃদ্ধি পাইছে বিশ্বৰ ১১০খন দেশত৷ ইয়াৰ ফলত বিশ্বজুৰি সংক্রমণ বাঢ়িছে ১০ শতাংশ৷ বিশ্ব স্বাস্থ্য সংস্থাই নির্ধাৰণ কৰা ৬টা অঞ্চলৰ ভিতৰত তিনিটাতেই ক’ৰোনাত আক্রান্ত লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে৷ অৱশ্যে সমগ্র বিশ্বৰ নিৰীক্ষণত এই মৃত্যুৰ হাৰ অতি নগণ্য৷

You might also like