নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিৰ নৱনিৰ্মিত দলঙে দুৰ্ভোগ ভোগাইছে ৰাইজক

ঠিকাদাৰৰ হেমহি , অতিষ্ঠ জনতা

নিয়মীয়া বাৰ্তা, ১জুলাইঃ  চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ ৰতনপুৰ, ভজোৰ সৈতে বানফেৰা সংযোগী ট্ৰলি আলিত নতুনকৈ নিৰ্মাণ কৰা পকী দলং এখনৰ বাবে দুর্ভোগৰ সন্মুখীন হ’ব লগা হৈছে ৰাইজ। প্ৰায় তিনিটা বছৰ পূৰ্বেই আৰম্ভ কৰা হৈছিল দলংখনৰ নিৰ্মাণ কার্য । প্রায় নবৈ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। এতিয়া মাথোঁ দলংখনৰ দুই মূৰত মাটি পেলাই সুচল কৰিলেই ৰাইজৰ দীৰ্ঘকালৰ সমস্যাৰ অৱসান ঘটিব। কিন্তু নিৰ্মাণৰ দায়িত্ব প্রাপ্ত ঠিকাদাৰজনে অতি লেহেমীয়া গতিত কাম – কাজ চলাই থকাত ৰাইজৰ বিলাই বিপত্তিৰ সীমা নোহোৱা হৈছে। তিনি বছৰ পূৰ্বে আৰম্ভ কৰা দলংখন পথৰ সৈতে এতিয়াও সংযোগ নোহোৱাত খটখটীৰে বগাই গৈ ৰাইজে দলং ইপাৰ সিপাৰ হ’ব লগা হৈছে। শিক্ষানুষ্ঠান, বজাৰৰ লগতে ৰতনপুৰ চাহ বাগিচাৰ শ্ৰমিক সকলে অহা-যোৱা কৰাৰ বাবে ব্যৱহৃত গুৰুত্বপূৰ্ণ পথটো নির্মীয়মান দলংখনৰ বাবে সম্পূর্ণভাৱে বন্ধ হোৱাত কণ কণ শিক্ষার্থীসকলৰ লগতে দৈনিক শ শ লোকে বিকল্প পথৰ সন্ধান কৰিবলৈ বাধ্য হৈছে। ৰাইজে শীঘ্ৰে দলংখনৰ সৈতে পথ সংযোগ কৰি মুকলি কৰিবলৈ লোক নিৰ্মাণ বিভাগক দাবী জনাইছে ।

প্ৰেৰক :- দীপাংকৰ পাল।

You might also like