নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেটৰ ভেন্যু ঘোষণা, আন ৪বিধ খেলৰো প্ৰত্যাৱৰ্তন

Cricket at LA olympics : ১২৮ বছৰৰ পাছত লছ এঞ্জেলছ অলিম্পিকত পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ ওলাইছে ক্ৰিকেট। এতিয়া ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকৰ আয়োজক সমিতিয়ে ক্ৰিকেট খেল আয়োজনৰ খেলপথাৰ ঘোষণা কৰিছে। অলিম্পিক কমিটীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে জনাইছে যে ২০২৮ চনৰ অলিম্পিকত অনুষ্ঠিত হ’বলগীয়া ক্ৰিকেট মেচসমূহ দক্ষিণ কেলিফৰ্ণিয়াৰ পোমোনাৰ মেলাস্থলীত অনুষ্ঠিত হ’ব।

২০২৮ চনত ১৪-৩০ জুলাইলৈ অলিম্পিক গেমছ অনুষ্ঠিত হ’ব। ইতিমধ্যে ঘোষণা কৰা হৈছে যে মুঠ ৬টা ক্ৰিকেট দলে অলিম্পিক গেমছত অংশগ্ৰহণ কৰিব। এই ৬টা দলৰ বাবে ৯০জন খেলুৱৈৰ কোটা প্ৰস্তুত কৰা হৈছে, অৰ্থাৎ প্ৰতিটো দলৰ দলত অলিম্পিকত ১৫জন খেলুৱৈ থাকিব। অলিম্পিক গেমছ ওচৰ চাপি অহাৰ লগে লগে প্ৰকাশ পাব ক্ৰিকেট প্ৰতিযোগিতাৰ সূচী। পোমোনা চহৰৰ কথা ক’বলৈ গ’লে ১৮৮৮ চনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল।

আইচিচিৰ অধ্যক্ষ জয় শ্বাহে ক্ৰিকেট মেচৰ বাবে খেলপথাৰ ঘোষণা কৰাত সুখ প্ৰকাশ কৰি কয় যে, “২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকৰ বাবে ক্ৰিকেট খেলপথাৰৰ ঘোষণাক আমি আদৰণি জনাইছো। ক্ৰিকেটৰ উভতি অহাৰ দৃষ্টিকোণৰ পৰা এইটো এটা ভাল পদক্ষেপ।” জয় শ্বাহে কয় যে ক্ৰিকেট ইতিমধ্যে জনপ্ৰিয় খেল, আনহাতে অলিম্পিকলৈ আহিলে ইয়াৰ উত্তৰাধিকাৰ আৰু অধিক উচ্চতালৈ লৈ যাব। তেওঁ বিশ্বাস কৰে যে টি-২০ ফৰ্মেটে নিশ্চিতভাৱে ক্ৰিকেটলৈ নতুন অনুৰাগী আনিব।

২০২৮ চনৰ অলিম্পিকত ক্ৰিকেটৰ উপৰি আন চাৰিবিধ খেলেও পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ ওলাইছে। ক্ৰিকেটৰ উপৰি বেছবল, ফ্লেগ ফুটবল, লেক্ৰছ আৰু স্কোৱাছো ঘূৰি আহিব। ক্ৰিকেট অনুৰাগীৰ বাবে আন এটা ভাল কথা হ’ল ২০৩২ চনৰ ব্রিজবেন অলিম্পিকত শীৰ্ষ ক্ৰিকেট দলকো খেলা দেখা যাব।

You might also like