নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেক গণৰাজ্যৰ ক্রিষ্টিয়ানা পিজকোভালৈ ‘মিছ ৱর্ল্ড–২০২৪’ৰ মুকুট

🔹 ২৮ বছৰ পিছত ভাৰতত ‘মিছ ৱর্ল্ড’ প্রতিযোগিতা

বিশেষ বাৰ্তা, ১০ মার্চ : মিছ ৱর্ল্ড ২০২৪ৰ খিতাপ জিনিলে চেক গণৰাজ্যৰ সুন্দৰী ক্রিষ্টিয়ানা পিজকোভাই৷ মায়ানগৰী মুম্বাইত আয়োজিত বর্ণাঢ্য কার্যসূচীৰ মাজত চূড়ান্ত প্রতিযোগিতাত চেক গণৰাজ্যৰ ক্রিষ্টিয়ানা পিজকোভাই মিছ ৱর্ল্ড ২০২৪ৰ খিতাপ অর্জন কৰে৷ ২৮ বছৰৰ পিছত ভাৰতত আয়োজিত মিছ ৱর্ল্ড প্রতিযোগিতাত ২০২৪ৰ খিতাপ বিজয়ী পিজকোভাক বিজয়ী মুকুট পিন্ধায় মিছ ৱর্ল্ড–২০২৩ৰ পোলেণ্ডৰ কেৰ’লিনা বিয়েলাস্কাই৷ প্রতিযোগিতাখনত প্রথম ৰানার্ছআপৰ খিতাপ লাভ কৰে মিছ লেবানন য়াছমিনা জেয়তুনে৷ মিছ ৱর্ল্ড ২০২৪ৰ বিজয়ী ক্রিষ্টিয়ানা পিজকোভাই ২০ বছৰ বয়সতে ক্রিষ্টিয়ানা পিজকো ফাউণ্ডেচন গঢ়ি তুলিছে৷ মডেল হিচাপে প্রখ্যাত ক্রিষ্টিয়ানাই ইংৰাজী, প’লিছ, শ্ল’ভাক আৰু জার্মান ভাষা সলসলীয়াকৈ ক’ব পাৰে৷ শিক্ষাৰ জৰিয়তে বহনক্ষম বিকাশৰ অভিযান চলাই থকা মডেল তথা ২০২৪ৰ মিছ ৱর্ল্ড খিতাপ বিজয়ী ক্রিষ্টিয়ানাই তাঞ্জানীয়াত দৰিদ্র শিশুৰ বাবে ইংৰাজী বিদ্যালয় স্থাপন কৰিছিল৷ বাঁহী আৰু ভায়লিন বজাই ভাল পোৱা ক্রিষ্টিয়ানাই সংগীত আৰু শিল্পৰ প্রতি আগ্রহী৷ ২৮ বছৰ পাছত ভাৰতত আয়োজিত এই সুন্দৰী প্রতিযোগিতাখনত ২২ বছৰীয়া ভাৰতীয় সুন্দৰী ছিনি চেত্রীয়ে অংশগ্রহণ কৰিছিল যদিও চূড়ান্ত প্রতিযোগিতাত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল৷ মুম্বাইত জন্মগ্রহণ কৰা ছিনি চেত্রীয়ে ২০২২ চনত ফেমিনা মিছ ইণ্ডিয়া খিতাপ জিনিছিল৷ উল্লেখ্য যে ভাৰতীয় সুন্দৰীয়ে ৬বাৰকৈ মিছ ৱর্ল্ড খিতাপ জিনিছিল৷ ১৯৬৬ চনত ৰীতা ফাৰিয়া, ১৯৯৪ চনত ঐশ্বর্য ৰায়, ১৯৯৭ চনত ডায়েনা হেইডেন, ১৯৯৯ চনত যুক্তা মুখী, ২০০০ চনত প্রিয়ংকা চোপ্রা আৰু ২০১৭ চনত মানষী চিলাৰে এই সুন্দৰী খিতাপ লাভ কৰিছিল৷ ২০২৪ মিছ ৱর্ল্ড প্রতিযোগিতাত ১২২খন দেশৰ সুন্দৰীয়ে অংশগ্রহণ কৰিছিল৷

You might also like