১৬০ দেশৰ ৰাষ্ট্রীয় গীত গাই বিশ্বজুৰি আলোড়ন ডাল বাহাদুৰৰ
🔹 ২০১৫ চনৰ পৰা চলাইছিল কঠোৰ অনুশীলন
নিউজ ডেস্ক, ২৩ নৱেম্বৰ : নিজৰ দেশৰ ৰাষ্ট্রীয় গীতৰ বাহিৰে আন দেশৰ ৰাষ্ট্রীয় গীত গোৱাটো সহজ কথা নহয় বুলি সকলোৰে জ্ঞাত৷ কিন্তু এজন যুৱকে ১৬০খন দেশৰ ৰাষ্ট্রীয় গীত নির্ভুলভাৱে গাব পৰাটো নিশ্চয়কৈ চর্চাৰ বিষয়৷ ১৬০খন দেশৰ ৰাষ্ট্রীয় গীত নির্ভুলভাৱে পৰিৱেশন কৰি নেপালী যুৱক এজনে বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছে৷ নেপালৰ ডাল বাহাদুৰে ১৬০তকৈ অধিক দেশৰ ৰাষ্ট্রীয় সংগীত নির্ভুলভাৱে পৰিৱেশন কৰাৰ স্বীকৃতি হিচাপে নেপাল চৰকাৰে তেওঁক বিশ্ব ৰাষ্ট্রগান যাত্রী ৰামজী নেপালী উপাধি প্ৰদান কৰিছে৷ বর্তমান উত্তৰাখণ্ডৰ আলমৰাত থকা লাল বাহাদুৰে ২০১৫ চনৰ পৰাই বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্রীয় সংগীত গোৱাটো অনুশীলন কৰিবলৈ লয়৷ নেপালৰ ৰাষ্ট্রীয় গীতৰ পিছত ভাৰতৰ ৰাষ্ট্রীয় গীত পৰিৱেশনত অভিজ্ঞতা লাভ কৰাৰ পিছত লাল বাহাদুৰে বিশ্বৰ আন আন দেশৰ ৰাষ্ট্রীয় সংগীত শিকিবলৈ লয় আৰু ইয়াক সম্পূর্ণকৈ আয়ত্তলৈ আনি নির্ভুলৰূপে পৰিৱেশনত সিদ্ধহস্ত হৈ পৰে৷ বাহাদুৰে আমেৰিকা, চীন, ফ্রান্স আদিৰ ৰাষ্ট্রীয় গীত নির্ভুলভাৱে পৰিৱেশন কৰাৰ উপৰি ১৬০খন দেশৰ গীত পৰিৱেশন কৰি আহিছে৷ লাল বাহাদুৰে প্রকাশ কৰা মতে, তেওঁ বিশ্বৰ আটাইবোৰ দেশৰেই ৰাষ্ট্রীয় সংগীত গাব বিচাৰে৷ মন কৰিবলগীয়া যে বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্রীয় সংগীত পৰিৱেশন কৰাটো সহজসাধ্য নহয়৷ কিন্তু কঠোৰ অনুশীলন আৰু একাগ্রতাৰ বাবে লাল বাহাদুৰে ১৬০তকৈ অধিক দেশৰ ৰাষ্ট্রীয় সংগীত নির্ভুলভাৱে পৰিৱেশন কৰি বিশ্বজুৰি আলোড়ন সৃষ্টি কৰিছে৷