নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত্যুপুৰী লাহাইনা ! বনজুইত ৯৬জনৰ প্রাণহানি

🔹 আমেৰিকাৰ ইতিহাসত ভয়াৱহ প্রাকৃতিক দুর্যোগ : সন্ধানহীন শতাধিক লোক

বিশেষ বাৰ্তা, ১৪ আগষ্ট : যেন এতিয়া চৌদিশে মৰিশালিৰ নিস্তব্ধতা৷ আমেৰিকাৰ ইতিহাসত বনজুইৰ এনে ভয়াৱহ ৰূপ কোনেও কেতিয়াও দেখা নাই৷ এখন চহৰ ধ্বংস হৈ গৈছে বনজুইত৷ হাৱাই দ্বীপপুঞ্জত মাউইত বনজুইৰ ফলত ঐতিহাসিক চহৰ লাহাইনা পুৰি ছাই হৈ গৈছে ৷ শতাব্দীৰ ভিতৰত আমেৰিকাৰ ইতিহাসত এয়া আটাইতকৈ ভয়াৱহ বনজুইৰ ঘটনা৷ এতিয়ালৈকে লাহাইনা চহৰত মৃত্যু হৈছে ৯৬গৰাকী লোকৰ৷ হাৱাইৰ গৱর্নৰ জ’ছ গ্রীনেে আজি আশংকা কৰিছে যে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে৷ এতিয়াও এই বনজুইত প্রাণ হেৰুওৱা লোকসকলৰ দেহ চিনাক্ত কৰিবলৈ ফৰেনছিক বিশেষজ্ঞৰ দলে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে৷ শতাধিক লোক এতিয়াও সন্ধানহীন হৈ থকা বুলি উল্লেখ কৰিছে গৱর্নৰগৰাকীয়ে৷ ইফালে, কেইবাশও লোকক মাউইৰ বিভিন্ন স্থানত আশ্রয় প্রদান কৰা হৈছে৷ বনজুইৰ তাণ্ডৱ এই মুহূর্তত নাই যদিও পুৰি ছাই হৈ যোৱা চহৰখনক এতিয়া শ্মশানৰ নিস্তব্ধতাই গ্রাস কৰিছে৷ গৱর্নৰ গ্রীনে উল্লেখ কৰা অনুসৰি হাৱাইৰ ইতিহাসত আটাইতকৈ ভয়াৱহ প্রাকৃতিক দুর্যোগত প্রাণ আৰু সম্পদৰ ব্যাপক ক্ষয়–ক্ষতি হৈছে৷ জীৱিত লোকসকলক আশ্রয় দান, চিকিৎসা প্রদান আদি বিষয়সমূহত গুৰুত্ব প্রদান কৰিছে প্রশাসনে৷ উল্লেখনীয় যে পুৰি ছাই হোৱা চহৰখনৰ বেছিভাগ অঞ্চলতেই এতিয়াও উদ্ধাৰ অভিযান চলাব পৰা নাই উদ্ধাৰকাৰী দলে৷

You might also like