এয়াৰ ইণ্ডিয়াক ৮০ লাখ টকা জৰিমনা ডিজিচিএৰ
বিশেষ বাৰ্তা, ২৩ মার্চ : পাইলট আৰু বিমান কর্মীসকলৰ সুৰক্ষা সম্পর্কীয় নিয়ম উলংঘা কৰাৰ অভিযোগত এয়াৰ ইণ্ডিয়াক ৮০ লাখ টকা জৰিমনা বিহিছে ডিৰেক্টৰেট জেনেৰেল অৱ চিভিল এভিয়েচন (ডিজিচিএ)–এ৷ যোৱা ১ মার্চত এই বিষয়টোক লৈ এয়াৰ ইণ্ডিয়ালৈ ডিজিচিএৰ তৰফৰ পৰা জাননী প্রেৰণ কৰা হৈছিল৷ উৰণ সংস্থাটোৰ বিৰুদ্ধে উত্থাপিত অভিযোগ পৰীক্ষা–নিৰীক্ষা কৰাৰ পিছত ডিজিচিএৰ তৰফৰ পৰা সংস্থাটোক ৮০ লাখ টকা জৰিমনা বিহাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ যোৱা জানুৱাৰীত ডিজিচিএৰ অডিটত পাইলট আৰু বিমান কর্মীসকলৰ সুৰক্ষা সম্পর্কীয় একাধিক নিয়ম ভংগ এয়াৰ ইণ্ডিয়াই কৰা বুলি অভিযোগ অনা হয়৷ এই অভিযোগ অনুসৰি বিমান কর্মীসকলক কোনো ধৰণৰ বিশ্রাম দিয়া হোৱা নাছিল৷