নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ত্রাসবাদীৰ আক্রমণত ৰক্তাক্ত ৰাছিয়া

🔹 মস্কোৰ কনছার্ট হলত নির্বিচাৰ গুলীচালনাত ১১৫জনৰ মৃত্যু, ১৪৫তকৈ অধিক আহত

🔹 ৪ আক্রমণকাৰীসহ ১১জনক গ্রেপ্তাৰ নিৰাপত্তা বাহিনীৰ

🔹আইছিছ–কেৰ আক্রমণৰ দায়িত্ব স্বীকাৰ

🔹 সন্ত্রাসবাদীৰ আক্রমণক গৰিহণা ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ

বিশেষ বাৰ্তা, ২৩ মার্চ : সন্ত্রাসবাদীৰ আক্রমণত ৰক্তাক্ত হ’ল ৰাছিয়া৷ দেশখনৰ ৰাজধানী মস্কোৰ কনছার্ট হল ক্র’কাছ ছিটীহলত সন্ত্রাসবাদীয়ে প্রৱেশ কৰি নির্বিচাৰ গুলীচালনাৰ লগতে গ্রেনেড আৰু তৰল বিস্ফোৰকেৰে আক্রমণ কৰাত অতি কমেও ১১৫জনৰ প্রাণহানি হোৱাৰ লগতে ১৪৫তকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈছে৷ ৰ’ক গ্রুপ পিটনিকৰ দ্বাৰা ক্রকাছ ছিটীহলত নৃত্য আৰু সংগীত পৰিৱেশনৰ সময়ত ছয় হাজাৰতকৈ অধিক লোকে অনুষ্ঠান উপভোগ কৰাৰ সময়তে সন্ত্রাসবাদীয়ে প্রৱেশ কৰে৷ চাৰি সশস্ত্র সন্ত্রাসবাদীয়ে স্বয়ংক্রিয় মাৰণাস্ত্রৰে জধে-মধে গুলীচালনা কৰে৷ গুলীচালনাৰ সমান্তৰালকৈ গ্রেনেড আৰু তৰল বিস্ফোৰক নিক্ষেপ কৰে৷ ফলশ্রুতিত কনছার্ট হলটোত জুই লাগে৷ তৎমুহূর্ততে জুই আৰু ধোঁৱাই ঘেৰি ধৰা হলটোত উপস্থিত থকা ছয় সহস্রাধিক লোকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়৷ গুলীচালনা আৰু গ্রেনেড আক্রমণৰ সময়ত একাংশ লোকে ইফালে-সিফালে দৌৰি প্রাণ বচাবলৈ চেষ্টা কৰে৷ ৰাছিয়াৰ নিৰাপত্তা বাহিনীয়ে প্রকাশ কৰা মতে,  সন্ত্রাসবাদীৰ নির্বিচাৰ গুলীচালনাত অতি কমেও ১১৫জন লোকে প্রাণ হেৰুৱাইছে৷ আহত ডেৰ শতাধিকক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে৷ মৃতকৰ সংখ্যা বৃদ্ধি পোৱাটো নিশ্চিত৷ ইপিনে, আক্রমণকাৰী চাৰি সন্ত্রাসবাদীসহ ১১জনক নিৰাপত্তা বাহিনীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ চাৰি সন্ত্রাসবাদীক নৃত্য–সংগীতৰ অনুষ্ঠানত নির্বিচাৰ গুলীচালনাৰে অনেকজনৰ প্রাণ লৈ ইউক্রেইনৰ পিনে পলাই গৈ থকা অৱস্থাতে নিৰাপত্তা বাহিনীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ নিৰাপত্তা বাহিনীয়ে পিছে পিছে খেদি গৈ এই চাৰি আক্রমণকাৰীক কৰায়ত্ত কৰে৷ চাৰি আক্রমণকাৰী সন্ত্রাসবাদীৰ লগতে আন সাতজনক সন্দেহবশতঃ গ্রেপ্তাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে৷ ৰাছিয়াৰ নিৰাপত্তা বাহিনীয়ে প্রকাশ কৰা মতে, সন্ত্রাসবাদীয়ে ক্র’কাছ ছিটীহলত আক্রমণ কৰি ইউক্রেইনৰ সীমান্তৰ দিশে পলায়ন কৰা অৱস্থাত ব্রায়াস্ক অঞ্চলত আক্রমণকাৰী চাৰিজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় নিৰাপত্তা বাহিনীয়ে৷ ইউক্রেইনৰ সীমান্তলৈ গৈ থকা অৱস্থাত আক্রমণকাৰীক কৰায়ত্ত কৰাৰ পিছতে ৰাছিয়াৰ নিৰাপত্তা বাহিনীয়ে এই আক্রমণত ইউক্রেইন জড়িত বুলি দাবী কৰিছে৷ সীমান্তলৈ গৈ থকা অৱস্থাত আক্রমণকাৰীক গ্রেপ্তাৰ কৰাটোৱে কনছার্ট হলৰ আক্রমণত ইউক্রেইন জড়িত থকাটো নিশ্চিত বুলি ৰাছিয়াই দাবী কৰিছে৷ ইপিনে, ৰাছিয়াৰ এই দাবীক নসাৎ কৰি ইউক্রেইনৰ ৰাষ্ট্রপতিৰ কার্যালয়ে মস্কোৰ কনছার্ট হলত আক্রমণৰে দেশখনৰ কোনো সম্পর্ক নাই বুলি স্পষ্ট কৰি দিছে৷ আক্রমণৰ প্রত্যক্ষদর্শীয়ে প্রকাশ কৰা মতে, সামৰিক পোছাক পিন্ধি চাৰি সন্ত্রাসবাদীয়ে কনছার্ট হলত প্রৱেশ কৰে৷ ইয়াৰ পিছতে জধে-মধে গুলীচালনা কৰাৰ সমান্তৰালকৈ গ্রেনেড আৰু তৰল বিস্ফোৰক নিক্ষেপ কৰে৷ নিমিষতে কনছার্ট হলটো জুয়ে আগুৰি ধৰে৷ জুইৰ ধোঁৱাৰে আগুৰি ধৰা কনছার্ট হলটোত জুই নুমুৱাবলৈ তিনিখন হেলিকপ্টাৰ ব্যৱহাৰ কৰা হয়৷ তিনিখন হেলিকপ্টাৰেৰে আকাশৰ পৰা পানী পেলাই জুই নির্বাপণ কৰাৰ পূর্বে হলটোৰ অধিকাংশ জুয়ে ভস্মীভূত কৰে৷ আনকি এখন ছাদ খহি পৰে৷ শুকুৰবাৰে নিশা সংঘটিত এই সন্ত্রাসবাদী আক্রমণৰ দায়িত্ব স্বীকাৰ কৰিছে আইছিছ–কেই৷ দশকটোৰ সর্ববৃহৎ সন্ত্রাসবাদী আক্রমণ হিচাপে বিবেচিত মস্কো কনছার্ট হলত আক্রমণৰ দায়িত্ব সামাজিক মাধ্যমযোগে স্বীকাৰ কৰিছে আইছিছ–কেই৷ এই সন্ত্রাসবাদী সংগঠনটো হৈছে আফগানিস্তানৰ ইছলামিক ষ্টেটৰ স্বীকৃত৷ মন কৰিবলগীয়া যে ২০১৫ চনত ছিৰিয়াৰ গৃহ যুদ্ধত ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে হস্তক্ষেপ কৰাৰ পিছতে ইছলামিক ষ্টেটৰ সৈতে ৰাছিয়াৰ সংঘাত আৰম্ভ হৈছিল আৰু ই দীর্ঘদিন ধৰি চলি আহিছে৷ অলপতে ৰাষ্ট্রপতি হিচাপে একেৰাহে পঞ্চমবাৰৰ বাবে ভ্লাডিমিৰ পুটিন নির্বাচিত হোৱাৰ কেইদিনমান পিছতে আইছিছ–কেই দেশখনৰ ৰাজধানী চহৰ মস্কোৰ কনছার্ট হলত ভয়াৱহ আক্রমণ চলাইছে৷ তাৎপর্যপূর্ণ যে মস্কোৰ কনছার্ট হলত শুকুৰবাৰে নিশা আইছিছ–কেই আক্রমণ চলোৱাৰ পূর্বে ২০২২ চনত আফগানিস্তানৰ কাবুলস্থিত ৰাছিয়া দূতাৱাসত আইছিছ–কেই ভয়াৱহ আত্মঘাতী আক্রমণ চলাইছিল৷ মস্কোৰ কনছার্ট হলত সন্ত্রাসবাদী আক্রমণক কঠোৰ ভাষাৰে নিন্দা কৰিছে ভাৰত, ইউৰোপীয় সংঘ, ফ্রান্স, স্পেইন, ইটালীকে ধৰি বিভিন্ন দেশে৷ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই সন্ত্রাসবাদী আক্রমণক কঠোৰ ভাষাৰে গৰিহণা দি দুর্যোগৰ সময়ত ৰাছিয়াবাসীৰ সৈতে ভাৰত আছে বুলি সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে৷ ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনে আহতৰ শীঘ্রে আশু আৰোগ্য কামনা কৰাৰ লগতে নিহতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷

You might also like