নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলৰ উদ্বোধনী খেলত হাৰ্দিকৰ গুজৰাটৰ সন্মুখত কাইলৈ ধোনীৰ চেন্নাই

বিশেষ বাৰ্তা, ৩০ মার্চঃ ৰোমাঞ্চ, ৰানৰ গতি, দুৰ্দান্ত কেটছ, চিয়েৰলিডাৰ্ছৰ নৃত্য। কি নাই ইয়াত, কি নিদিয়ে আইপিএলে। অপেক্ষাৰ অন্ত। কাইলৈৰ পৰা আইপিএল-২০২৩৷ প্রতিবাৰৰ দৰে এইবাৰো থাকিব প্রতিযোগিতাখনত বিভিন্ন চমক৷ কাইলৈ প্রথমখন মেচতে মুখামুখি হ’ব গুজৰাট টাইটানছ আৰু চাৰিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ৷ অর্থাৎ উদ্বোধনী মেচত হার্ডিক পাণ্ডিয়াৰ বিৰুদ্ধে যুঁজ দিব এম এছ ধোনীয়ে৷ প্রতিবাৰৰ দৰে এইবাৰো ব্লকব্লাষ্টাৰ মেচৰ জৰিয়তে আৰম্ভ হ’ব আইপিএল৷ এইবাৰ প্রতিযোগিতাখনত কেইবাটাও নতুন নিয়ম প্রযোজ্য হ’ব৷ এই নিয়মে সলনি কৰি দিব পাৰে ২০ অভাৰৰ প্রতিযোগিতাখনৰ যাৱতীয় কৌশল৷ উল্লেখ্য যে প্রথমবাৰৰ বাবে আইপিএলৰ দুখন মেচ অনুষ্ঠিত হ’ব গুৱাহাটীত৷ ৰাজস্থান ৰয়েলছৰ হোম গ্রাউণ্ডৰূপে নির্ধাৰণ কৰা গুৱাহাটীত বর্ষাপাৰা ষ্টেডিয়ামত দলটোৱে পঞ্জাৱ কিংছৰ বিপক্ষে ৫ এপ্রিলত প্রথমখন মেচত অৱতীর্ণ হ’ব৷ আনহাতে ৮ এপ্রিলত গুৱাহাটীত ৰাজস্থানৰ দ্বিতীয়খন মেচ অনুষ্ঠিত হ’ব দিল্লী কেপিটেলছৰ বিপক্ষে৷ কাইলৈ আইপিএলৰ উদ্বোধনী মেচখন অনুষ্ঠিত হ’ব আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত৷ সন্ধিয়া ৭.৩০ বজাৰ পৰা উদ্বোধনী মেচ অনুষ্ঠিত হোৱাৰ পূর্বে আয়োজন কৰা হৈছে আকর্ষণীয় উদ্বোধনী অনুষ্ঠান৷ উল্লেখ্য যে আৰম্ভণিৰ পৰাই আইপিএলত জাকজমকীয়া উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ কিন্তু ক’ভিডৰ বাবে বিগত তিনি বছৰ অনুষ্ঠিত হোৱা নাছিল উদ্বোধনী অনুষ্ঠান৷ এইবাৰ পুনৰ জাক জমকতাৰে আয়োজন কৰা উদ্বোধনী অনুষ্ঠান আৰম্ভ হ’ব সন্ধিয়া ৬ বজাৰ পৰা৷ এই অনুষ্ঠানত বলিউডৰ অসংখ্য তাৰকা, শিল্পী আৰু অভিনেতা–ভিনেত্রীয়ে অংশগ্রহণ কৰিব৷ জানিব পৰা মতে তাৰকা কণ্ঠশিল্পী অৰিজিৎ সিঙে গীত পৰিৱেশন কৰাৰ লগতে মঞ্চ কঁপাব কেটৰিনা কাঈফ, ৰশ্মিতা মান্ধানা, তামান্না ভাটিয়া আদি অভিনেত্রীয়ে৷

You might also like